দুঃখবৰ! জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়াৰ পৰলোকপ্ৰাপ্তি…

ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক বুলন কুমাৰ শইকীয়াৰ দেহাৱসান। ৪৮ বছৰ বয়সতে ইহঃসংসাৰৰ পৰা বিদায় মাগিলে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়াই। দীৰ্ঘদিনে যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল শইকীয়া।

আজি পুৱা নাহৰকটীয়াৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক শইকীয়াই। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছে সংবাদ জগতখনৰ লগতে ডিব্ৰুগড়বাসী।

উল্লেখযোগ্য যে, ৯০ দশকত সংবাদ ক্ষেত্ৰখনত ভৰি দিয়া বুলন কুমাৰ শইকীয়াৰ লেখনিয়ে সততেই ৰাইজৰ মন-মগজুক আচোঁৰ মাৰি গৈছিল। তেখেতে ৰাজ্যৰ কেবাখনো বাতৰি কাকতত সংবাদ সেৱা আগবঢ়াইছিল।

উল্লেখ কৰা প্ৰয়োজন যে, ২০০৮ চনত অসমৰ ব্যক্তিগত খণ্ডৰ এটি টেলিভিশ্বন চেনেলত যোগদান কৰি নাহৰকটীয়াৰ পৰা বৈদ্যুতিন মাধ্যমৰ প্ৰথমগৰাকী সাংবাদিক ৰূপে সেৱা আগবঢ়াইছিল শইকীয়াই।

ইয়াৰোপৰি এজন ভিক্ষুৰ জন্ম, অসম ভাৰত, দ্যা আৰকান ইন্টেল, মোৰ আইৰ নাম মিলিকি বৰুৱা নামৰ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল বুলন কুমাৰ শইকীয়াই। শেহতীয়াকৈ চি ইন চি নামৰ এখন গ্ৰন্থৰ কামো কৰি আছিল শইকীয়াই।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…