ধলাইত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ জয়লাভ। বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে। বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে লাভ কৰে ৬৮,৭৫৯টা ভোট। আনহাতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থই লাভ কৰে ৫৪,৭৪২ টা ভোট। অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই।
সমান্তৰালকৈ চামগুৰিত বিজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাৰ জয়লাভ। কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক পৰাস্ত কৰে দীপ্লু ৰঞ্জন শৰ্মাই। বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। প্ৰায় ২৬ হাজাৰ ২০০ ভোটত জয়ী দীপ্লু ৰঞ্জন শৰ্মা। অতি আকৰ্ষণীয় হৈ পৰিছিল দীপ্লু ৰঞ্জন শৰ্মা আৰু তানজিল হুছেইনৰ মাজৰ যুঁজ। অৱশেষ শেষ হাঁহি মাৰিলে দীপ্লু ৰঞ্জন শৰ্মা। অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই।
ইফালে বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত দায়িত্ব স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, “বিহালীৰ ফলাফলৰ দায়িত্ব সম্পূৰ্ণ মই লৈছোঁ। জয়ন্ত বৰাৰ লগত মই কথা পতিছোঁ। ফলাফলৰ পৰা জয়ন্ত বৰাই মন বেয়া কৰিব নালাগে।”
গৌৰৱ গগৈয়ে লগতে কয়, “বিহালীত কংগ্ৰেছৰ ভোট বৃদ্ধি পাইছে। কম সময়ত কংগ্ৰেছ দলে বিহালীত ভাল প্ৰদৰ্শন কৰিলে। ধলাই, চামগুৰিতো কংগ্ৰেছৰ প্ৰদৰ্শন ভাল হৈছে। কংগ্ৰেছ আৰু বিজেপিৰ ফলাফল ড্ৰ’ হৈছে বুলি ভাবিব লাগিব। আমাৰ বিহালীত পৰাজয় হৈছে যদিও আগতকৈ ফলাফল ভাল। বিৰোধী ঐক্যৰ সিদ্ধান্ত নহয়, আমাৰ সিদ্ধান্ত যে সঠিক আছিল সেয়া কিন্তু প্ৰতিপন্ন হ’ল আজিৰ ভোটৰ সংখ্যাত। যুঁজখন যে BJP আৰু কংগ্ৰেছৰ আছিল সেইয়া স্পষ্ট হ’ল।”