ৰাধা গোৱিন্দ বৰুৱা সভাকক্ষত টেট উৰ্ত্তীণ শিক্ষক সমাজৰ ‘চিন্তন বৈঠক’
আজি গুৱাহাটীস্থিত অসম সাহিত্য সভা চৌহদৰ ৰাধা গোৱিন্দ বৰুৱা সভাকক্ষত অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ উদ্যোগত এখন বিশেষ ‘চিন্তন বৈঠক’ অনুষ্ঠিত হয়৷ এই বৈঠকত কেইবাটাও সংগঠনৰ প্ৰতিনিদি উপস্থিত হয়৷…
ৰমেন বৰুৱাৰ নিৰুদ্দেশ জাতীয় গৌৰৱৰ কথা কোৱাসকলৰ মুখত এটা প্ৰচণ্ড চৰ
ডা০ ৰঞ্জিত কুমাৰ দাসৰ কলমত… সচাকৈ কৈছোঁ-কোনোবাইো অসমীয়া জাতীয় স্বাভিমান, জাতীয় গৌৰৱ আদিৰ কথা কলে আজিকালি চৰ এটা মাৰি দিবৰ মন যায়৷ আমি বিহুৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ শ কৌটি টকা…
আজি অসমবাসীৰ বাবে বিশেষ দিন, আহোমৰ মেদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি
অসমৰ ইতিহাসত বিশেষ দিন হৈ ৰ’ল আজিৰ দিনটো৷ ২০২৪ চনৰ ২৬ জুলাইৰ দিনটোতে অসমে লাভ কৰিলে বিশেষ স্বীকৃতি৷ নানা জল্পনা-কল্পনাৰ অন্তত আহোম যুগৰ কীৰ্তিচিহ্নই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে৷ আহোমৰ ৭০০…
বান-খহনীয়া, নিবনুৱা, মূল্যবৃদ্ধিৰে জৰ্জৰিত অসম, আন্দোলন কৰিব AJYCP-এ
আজি জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ সভাপতি পলাশ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকখন আঁতধৰে সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহায়ে৷ চানমাৰিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত অসমৰ…
বীৰ ৰাঘৱ মৰাণ স্মৃতি দিৱস উপলক্ষে সীমিত বন্ধ ঘোষণা
উজনি অসমৰ কৃষ্টি-সংস্কৃতিৰে চহকী মৰাণ জনগোষ্ঠীৰ আবেগ তথা অসমীয়া জাতিৰ অতুল্য সাহস, বীৰত্ব, স্বদেশ প্ৰেমৰ নিদৰ্শন বীৰ ৰাঘৱ মৰাণৰ স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে৷ মহান…
কাৰ্টুনিষ্ট-চিত্ৰশিল্পী, লেখক মুবিন ৰাভাক নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান
বিশিষ্ট কাৰ্টুনিষ্ট, চিত্ৰশিল্পী তথা লেখক মুবিন ৰাভাক আজি নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান কৰা হয়৷ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ অনুষ্ঠানত লেখিকা সংস্থা অসমে প্ৰথমবাৰ এই বঁটা প্ৰদান…
লক্ষ্য উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনঃ আমবাৰিত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক
উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত বিজয় নিশ্চিত কৰাৰ লক্ষ্য লৈ তৎপৰ হৈছে বিজেপিৰ সহযোগী আঞ্চলিক দল অসম গণ পৰিষদ৷ আজি দলটোৰ সভাপতি অতুল বৰাৰ পৌৰাহিত্যত আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক…
বিল্ডাৰে ৰমেন বৰুৱাহঁতৰ ঘৰটোৰ মূল্য দিছিল ৭০ কোটি টকা
২২ জুলাই পুৱা ১০ বজাত ঘৰৰ পৰা ওলাই গৈ আজিও নিৰুদ্দেশ হৈ আছে অসমীয়া সংগীত জগতৰ নক্ষত্ৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা৷ ২২ জুলাইৰ পুৱা লতাশিলস্থিত গণেশ মন্দিৰলৈ যাম…
প্ৰথমবাৰ ইংৰাজীৰ লগতে অসমীয়া ভাষাত APSCৰ পৰীক্ষাৰ প্ৰশ্ন
অসম লোকসেৱা আয়োগৰ সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাসমূহ (মূল) কাইলৈৰ পৰা অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ৰাজ্যখনৰ কেইবা হাজাৰ মেধা ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাৰ বাবে সাজু হৈছে৷ পৰীক্ষাসমূহ কোনো সমস্যা তথা বিতৰ্ক অবিহনে অনুষ্ঠিত…
কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ, সমগ্ৰ নগাঁৱত অভিযান কেতিয়া?
সমগ্ৰ নগাঁও জিলাত সুদখোৰে অবৈধ বেহা চলাই থকাৰ অভিযোগৰ মাজতে বটদ্ৰৱাৰ কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে৷ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে সুদখোৰ ফণী মণ্ডলক৷…