

২৩ নৱেম্বৰ অৰ্থাৎ কাইলৈ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব । ৰাজ্যৰ পাঁচোটা সমষ্টিতে ইয়াক লৈ ব্যাপক তৎপৰতা দেখা গৈছে । জিলা প্ৰশাসনেও নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।ব্যতিক্ৰম নহয় চিৰাং জিলাৰ জনজাতি সংৰক্ষিত চিদলী বিধানসভা সমষ্টি ।
সমষ্টিটোৰ ভোটগণনাৰ বাবে সাজু হৈছে চিৰাং জিলা প্ৰশাসন ৷ চিৰাঙৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই জানিবলৈ দিয়া মতে কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ দ্বিতীয় মহলাত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত ভোটগণনা অনুষ্ঠিত হ’ব ৷ জিলা আয়ুক্তৰ মতে ভোটগণনা প্ৰক্ৰিয়া পৰিচালনাৰ বাবে ১৪ খন মেজ (Table) সাজু কৰি ৰখা হৈছে ৷
ইয়াৰে ৪ খন মেজত পোষ্টেল বেলট গণনা কৰা হ’ব । ভোটগণনা প্ৰায় ২০ টা ৰাউণ্ডত অনুষ্ঠিত হ’ব। ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে জিলাখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা বুলিও জিলা আয়ুক্তগৰাকীয়ে অৱগত কৰে। জিলা আয়ুক্ত যতীন বৰাই জনোৱা মতে সমষ্টিটোত প্ৰাক-নিৰ্বাচনী বা নিৰ্বাচনী কোনো হিংসা হোৱা নাছিল।
শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছিল চিদলী সমষ্টিৰ উপ-নিৰ্বাচন । জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই ভোটগণনাৰ পিছতো জিলাখনত শান্তি-শৃংখলা বজাই ৰাখিবলৈ ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ জনতাক আহ্বান জনায়। উল্লেখ্য যে ১৩ নৱেম্বৰত চিদলী বিধানসভা সমষ্টিৰ মুঠ ২৭৩ টা ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।
এইবাৰ সমষ্টিটোত সৰ্বমুঠ ভোটাৰৰ সংখ্যা আছিল ২,১৬,১৮৩ টা ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,৭,৮ঌ৬ জন আৰু মহিলা ভোটাৰ হৈছে ১,৯,২৮৩ গৰাকী ৷ তৃতীয় লিংগৰ ভোটাৰ আছিল ৪ গৰাকী ৷ সমষ্টিটোত বিগত ১৩ নৱেম্বৰত অনুষ্ঠিত ভোটগ্ৰহণৰ হাৰ হৈছে ৭৫.৪৭ শতাংশ ৷ ৩ গৰাকী প্ৰাৰ্থীক মুঠ ১,৬৩,৯০৮ গৰাকী ভোটাৰে ভোটদান কৰে ।
সমষ্টিটোত এইবাৰ ৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ তেওঁলোক হৈছে এনডিএ মিত্ৰদলৰ ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, বিপিএফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী ৷