ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰি ধৰা পৰা মহাপ্ৰবঞ্চক বিশাল ফুকনক গুৱাহাটীলৈ অনা হ’ব।
বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত আছে বিশাল ফুকন। আদালতত আবেদন জনাই SITয়ে বিশাল ফুকনক নিজৰ জিম্মাত বিচাৰিব।
ইতিমধ্যে ডিব্ৰুগড়ৰ বিশাল ফুকনৰ গোচৰ CID লৈ হস্তান্তৰ কৰা হৈছে। অসম আৰক্ষীৰ CIDৰ SITয়ে আৰম্ভ কৰিব এই গোচৰৰ তদন্ত।
উল্লেখযোগ্য যে, শনিবাৰে ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় মহাপ্ৰবঞ্চক বিশাল ফুকনক।
বিশাল ফুকনৰ প্ৰবঞ্চনাৰ ঘটনাৰে সাঙোৰ খাই পৰিছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকীও তাৰকাৰ নাম।
ইয়াৰ পিছতে অসম আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক অৰ্পণ কৰে। প্ৰয়োজনসাপেক্ষে তদন্তৰ ভাৰ চিবিআইকো দিয়া হ’ব বুলি শনিবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।