চাৰিটা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছে চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও এতিয়ালৈকে বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ একমতত উপনীত হ’ব পৰা নাই কংগ্ৰেছৰ লগতে বিৰোধী শিবিৰ ৷ প্ৰাৰ্থিত্ব ঘোষণা কৰা সমষ্টি কেইটা হৈছে চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁও ৷

চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নামৰ তালিকা দলৰ হাই কমাণ্ডলৈ প্ৰেৰণ কৰিছিল প্ৰদেশ কংগ্ৰেছে ৷ এই তালিকাৰ পৰা চাৰিজন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৷ সেই অনুসৰি চামগুৰিত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন, ছিদলীত সঞ্জীৱ ৱাৰ্লে, বঙাইগাঁৱত ব্ৰজেনজিৎ সিনহা আৰু ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে ৷

উল্লেখ্য যে, ১৩ নবেম্বৰত দেশৰ ১৫ খন ৰাজ্যৰ ৪৮ টা বিধানসভা সমষ্টি আৰু দুটা লোকসভা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ। ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডতো ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । আনহাতে, ভোটগণনা হ’ব ২৩ নৱেম্বৰত।

  • Brahmaputra Times

    Related Posts

    নৰ্থ ইষ্ট ফেষ্টিভেল: অৰুণীম ভূঞা, ৰীমা শৰ্মা আৰু অথৌবাক বঁটা প্ৰদান…

    দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত কেবাগৰাকী বিশিষ্ট সাংবাদিক সন্মানীয় এন ই এফ মিডিয়া বঁটা ২০২৪ প্ৰদান কৰা হয়। দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে…

    ৰাইডঙীয়াৰ ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ

    নগাঁও জিলাৰ ঐতিহাসিক ৰাইডঙীয়াত অনুষ্ঠিত ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ কৰা পৰিলক্ষিত হয়৷ প্ৰতিবছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত ১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৰাস মহোৎসৱৰ আজি অন্তিম দিন৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…