পঞ্চায়ত নিৰ্বাচনত টকাৰ বিনিময়ত টিকট, অসম প্ৰদেশ কংগ্ৰেছৰ তদন্ত সমিতি গঠন

পঞ্চায়ত নিৰ্বাচনত ধনৰ বিনিময়ত কংগ্ৰেছৰ টিকট বিতৰণৰ অভিযোগৰ তদন্তৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে এটা ত্ৰি-সদস্যীয়া তদন্ত সমিতি গঠন কৰিছে। অসম কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ঘোষণামৰ্মে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত এই সমিতিয়ে অভিযোগসমূহৰ সত্যতা পৰীক্ষা কৰিব।

তদন্ত সমিতিৰ অধ্যক্ষ হিচাপে থাকিব পৱন সিং ঘাটোৱাৰ, আন দুগৰাকী সদস্য হ’ল ৰ পি শৰ্মা আৰু ববিতা শৰ্মা। দলৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ নিৰ্দেশমৰ্মে গঠিত এই সমিতিয়ে ধন লোৱা-দিয়া, মনোনয়ন প্ৰত্যাহাৰ, দলবিৰোধী কাৰ্য্যকলাপ আদি সকলো অভিযোগৰ তীক্ষ্ণভাৱে তদন্ত কৰিব।

সমিতিয়ে ৭ মে’ৰ ভিতৰত অভিযোগকাৰীসকলৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিব আৰু প্ৰতিবেদন ভূপেন বৰা আৰু জীতেন্দ্ৰ সিঙক অৰ্পণ  কৰিব। ভূপেন বৰাই স্পষ্ট কৰিছে যে, যদি প্ৰমাণ পোৱা যায়, তেন্তে দ্ৰুত কাৰ্য্যব্যৱস্থা লোৱা হ’ব। বিশেষকৈ বৰপেটা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও জিলাত টকাৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ ৰাজহুৱা হোৱাৰ পিছতেই এই তদন্তৰ সিদ্ধান্ত লোৱা হৈছে।

 

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ