ঘূৰ্ণীবতাহ ‘ডানা’ ৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ পশ্চিমবংগ, ওড়িশাকে ধৰি দক্ষিণ ভাৰতৰ পৰা অহা-যোৱা কৰা কেবাখনো ৰে’লৰ চলাচল বাতিল কৰিছে। লগতে বহুকেইখন ৰে’লৰ নিয়ন্ত্ৰণ আৰু গতিপথ সলনি কৰিছে । ২৩ অক্টোবৰ আৰু ২৪ অক্টোবৰত অসমৰ পৰা বহিঃৰাজ্যলৈ চলাচল কৰা চাৰিখন ৰে’লৰ সেৱা বাতিল কৰিছে ভাৰতীয় ৰে’লৱেই ৷
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই সদৰী কৰা অনুসৰি, সামুদ্ৰিক ধুমুহা ডানাৰ বাবে যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ২৩ অক্টোবৰত অসমৰ পৰা চাৰিখন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে ।
- ১২৫৫২ কামাখ্যা-এছ এম ভি টি বেংগালুৰু এ চি ছুপাৰফাষ্ট এক্সপ্ৰেছ
- ১২৫১৪ শিলচৰ-ছেকেন্দ্ৰাবাদ ছুপাৰফাষ্ট এক্সপ্ৰেছ
- ২২৫০৪/২২৫০৩ ডিব্ৰুগড়-কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ
- ১২৫০৯ এছ এম ভি টি বেংগালুৰু-গুৱাহাটী ছুপাৰফাষ্ট এক্সপ্ৰেছ
উল্লেখ্য যে, ঘূৰ্ণীবতাহ ডানাই ২৪ অক্টোবৰৰ নিশাৰ পৰা ২৫ অক্টোবৰৰ পুৱালৈকে পুৰী আৰু সাগৰদ্বীপৰ মাজত উত্তৰ ওড়িশা আৰু পশ্চিমবংগ উপকূল অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে । ঘণ্টাত ১২০ কিলোমিটাৰ বেগত উপকূলীয় ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা আছে । ঘূৰ্ণীবতাহ ডানাৰ প্ৰত্যাশাত ইতিমধ্যে সকলো ধৰণৰ সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ বিশেষকৈ ওড়িশা আৰু পশ্চিমবংগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷