বৰঝাৰস্থিত গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি অসমতো পৰিব ঘূৰ্ণী বতাহ ‘ডানা’ৰ প্ৰভাৱ। অৱশ্যে এই পৰ্যন্ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কোনো ধৰণৰ সতৰ্কবাণী জাৰি কৰা নাই। আই এম ডিয়ে সদৰী কৰা তথ্য মতে বৃহস্পতিবাৰৰ নিশা বা ২৫ অক্টোবৰৰ পুৱাৰ ভাগত সামুদ্রিক ঘূর্ণী বতাহ ‘ডানা’ৰ ওড়িশাত প্ৰৱেশ কৰিব ।
লগতে পৰৱৰ্তী সময়ত পশ্চিমবংগৰ উপকুলীয় অঞ্চলত প্ৰৱেশ কৰিব । আই এম ডিয়ে ঘূৰ্ণী বতাহৰ গতিবেগ প্রতি ঘণ্টাত ১০০ৰপৰা ১১০ কিলোমিটাৰ হোৱাৰ লগতে ভূমিস্পৰ্শৰ সময়ত ইয়াৰ বেগ ১২০ কিলোমিটাৰলৈ বৃদ্ধি পাব বুলি আশংকা কৰিছে । সামুদ্রিক ঘূর্ণী ‘ডানা’কলৈ সতৰ্ক হৈছে ওড়িশা আৰু পশ্চিমবংগ চৰকাৰ । ওড়িশা আৰু পশ্চিমবংগ চৰকাৰে উপকূলীয় অঞ্চলৰ পৰা তাৰ বাসিন্দাসকলক স্থানান্তৰ কৰা কাম তীব্ৰতৰ কৰি তুলিছে ।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ‘ডানা’ৰ প্ৰভাৱত অসমৰ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, কামৰূপ, কামৰূপ মহানগৰ, কৰিমগঞ্জ, পশ্চিম কাৰ্বি আংলং, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও আৰু গোলাঘাট জিলাত বৰষুণ হ’ব । ইপিনে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গুৱাহাটীত অহা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ দিনৰ ভাগত ঘন কুঁৱলী পৰিব ।