ঘূৰ্ণীবতাহ ‘ডানা’ই বিস্তৰ ক্ষতিসাধন কৰিছে ওড়িশাত। ফলস্বৰূপে ওড়িশাবাসীৰ জনজীৱন ব্যাহত হৈ পৰিছে ৷ ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ ফলত ঠায়ে ঠায়ে গছ উভালি পৰাৰ লগতে বিভিন্ন স্থানত ৰাইজৰ ব্যাপক ক্ষতি হৈছে। ধাৰাসাৰ বৰষুণৰ পিছত নদ-নদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
বানৰ কবলত পৰিছে ওড়িশাৰ হাজাৰ হাজাৰ গাঁও। লগে লগে প্ৰশাসনৰ বন্যাৰ্তক স্থানান্তৰক ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।ঘূৰ্ণীবতাহ আৰু বানৰ কবলত পৰা সাধাৰণ ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় নৌসেনা ৷
তেওঁলোকে শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে, ভাৰতীয় নৌসেনাই ৰাজ্যখনৰ অন্তৰ্গত কানহাপুৰ, বাগাপটিয়া, বৰাহিপুৰ, মগৰকান্দা, চাৰিঘেৰিয়া আৰু সতভায়াকে ধৰি ক্ষতিগ্ৰস্ত গাঁওসমূহৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাহায্য বিতৰণ কৰিছে।