ৰাজ্যত বৃদ্ধি পাইছে ডেংগৰ সন্ত্ৰাস। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্যই প্ৰকাশ কৰা অনুসৰি ২৫ অক্টোবৰ পর্যন্ত অসমত ১৪৫১ গৰাকী লোক ডেংগুত আক্রান্ত হৈছে। কামৰূপ মহানগৰ, ডিমা হাছাও, কাৰ্বি আংলঙকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ডেংগুৱে জটিল ৰূপ ধাৰণ কৰিছে ।
এই তথ্য মতে, ডিমা হাছাও জিলাত ৪৪১ গৰাকী, কামৰূপ মহানগৰ জিলাৰ ২২৫ গৰাকী, যোৰহাট জিলাত ৮৪ পশ্চিম কাৰ্বি আংলং জিলাত ৬৬ গৰাকী, নলবাৰীত ৪৫ গৰাকী, শোণিতপুৰ জিলাত ৪২ গৰাকী আক্রান্ত হৈছে । ৰাজ্যৰ তামুলপুৰ আৰু দক্ষিণ শালমাৰা জিলাৰ বহিৰে সকলো জিলাত এই ৰোগত আক্ৰান্ত হৈছে লোক । অৱশ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য মতে বৰ্তমানলৈকে এই ৰোগত কোনো লোকৰ মৃত্যু হোৱা নাই ।
গুৱাহাটী মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ ভাস্কৰ নগৰ, গীতানগৰ আদি অঞ্চলতেই ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি । স্বাস্থ্য বিভাগে এই ৰোগ নিয়ন্ত্ৰণলৈ অহা বুলি দাবী কৰিছে যদিও ৰাইজ কিন্তু আতংকিত হৈ আছে । বিশেষকৈ ৰাধাগোবিন্দ বৰুৱা পথ, ভাস্কৰ নগৰ, গীতানগৰ, ৰংমিলি পথ, মিলিজুলি পথ আদিৰ বাসিন্দাসকলে এতিয়াও আশ্বস্ত হ’ব পৰা নাই।