দীঘলী পুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণত বাধা দেৱব্ৰত শইকীয়াৰ

দীঘলী পুখুৰী আৰু নুনমাটি সংযোগী উৰণ সেতুখনৰ নিৰ্মাণ বন্ধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। মুখ্যতঃ গুৱাহাটীৰ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা আৰু প্ৰদূষণৰ সৃষ্টি কৰাৰ অভিযোগ তুলি শকীয়াই উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্যত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আজি এখন আৱেদন দাখিল কৰিছে ।

শইকীয়াই আৱেদনখনত উল্লেখ কৰা মতে চলিত বছৰৰ এক জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সেতুখনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল । ৫.৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন নিৰ্মাণত ৮৫২ কোটি টকা ধাৰ্য কৰা হৈছে ।

এই সেতুখন নিৰ্মাণৰ সময়ত সমগ্ৰ অঞ্চলটো প্ৰদূষিত হোৱাৰ লগতে কৃত্ৰিম বানৰ সমস্যা, যানজঁটৰ সমস্যাৰ লগতে পদপথৰ ব্যৱসায়ীসকলৰ সমস্যা জটিল হৈ পৰিব বুলি তেওঁ অভিযোগ কৰে । আৱেদনখনত শইকীয়া উল্লেখ কৰে যে গুৱাহাটী ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে ।

এই উৰণ সেতু নিৰ্মাণে এই সমস্যা বৃদ্ধি কৰিব । তেওঁ আৱেদনখনত উল্লেখ কৰা মতে World Air Quality Report 2023 অনুসৰি গুৱাহাটীক দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে স্থান দিয়া হৈছে ।

গুৱাহাটীত ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰতি ঘনমিটাৰত পি এম ২.৫ৰ ঘনত্ব ৫১ৰ পৰা ১০৫.৪ মাইক্ৰ’গ্ৰামলৈ দুগুণ বৃদ্ধি পোৱা দেখা গৈছে । শইকীয়াই আৱেদনখনত উল্লেখ কৰা মতে, এই উৰণ সেতুৰ নিৰ্মাণকাৰ্যই সংবিধানৰ 21 অনুচ্ছেদ (জীৱন নিৰ্বাহৰ অধিকাৰ ) আৰু অনুচ্ছেদ 48-A (পৰিৱশৰ সুৰক্ষা আৰু উন্নত কৰা ), Environmental Protection Act, 1986; the Air (Prevention and Control of Pollution) Act, 1981; the Noise Pollution (Regulation and Control) Rules, 2000; the Street Vendors Act, 2014 আদি ভংগ কৰিব ।

আৱেদনৰ জৰিয়তে বিৰোধী দলপতিগৰাকীয়ে এইক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি উৰণ সেতুখন নিৰ্মাণত হস্তক্ষেপ কৰাৰ লগতে কেতবোৰ পৰিৱেশ অনুকুল বিকল্প পদক্ষেপ লোৱাৰ বাবে চৰকাৰক নিৰ্দেশ দিয়াৰ বাবে আৱদনখন জনাইছে ।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ