জাহাংগীৰ হত্যাকাণ্ডঃ ঢকুৱাখনাত উপস্থিত চি আই ডি

প্ৰায় ৬ টা মাহৰ বিৰতিৰ পাছত পুনৰ চৰ্চাৰ বিষয় হৈছে ঢকুৱাখনাৰ লোমহৰ্ষক জাহাঙ্গীৰ হুছেইনৰ হত্যাকাণ্ড বিষয়টো। শনিবাৰে গাঁওখনৰ সমীপৰ এটা ডুবিত উদ্ধাৰ হয় এটা পৰিত্যক্ত লাওখোলা। চিমেণ্টৰ বেগৰ ভিতৰত পলিথিনৰ ভিতৰত এটা প্ৰকাণ্ড শিল ভৰাই ডুবিলৈ নিক্ষেপ কৰাৰ পাছত শনিবাৰে মাছমৰীয়াই উদ্ধাৰ কৰে এটা অৰ্ধগলিত মুণ্ড। লখিমপুৰ জিলা আৰক্ষীৰ লগতে ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষীযে উক্ত দুৰ্গন্ধময় মুণ্ডতো উদ্ধাৰ কৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

তাৰ পাছত দেওবাৰে ঢকুৱাখনাত উপস্থিত হৈছে চি আই দিৰ এটা দল। এই গোচৰৰ তদন্তকাৰী বিষয়া উপ আৰক্ষী অধীক্ষক ৰবীন  ডেকাৰ নেতৃত্বত এটা চি আই দিৰ দলে দুপৰীয়া লখিমপুৰ জিলা সদৰত উপস্থিত হৈ সন্ধিয়া ঘিলামৰা আৰক্ষী থানালৈ যায়। নিশা প্ৰায় ৯.৩২ বজাত দলটো ঢকুৱাখনা সদৰত উপস্থিত হয়। দলটোৱে অৰ্ধগলিত মুণ্ডটো উদ্ধাৰ হোৱা শিঙিয়া জানত সোমবাৰে উপস্থিত হৈ যাৱতীয় নমুনা সংগ্ৰহ কৰিব।লগতে উদ্ধাৰকাৰী মাছমৰীয়া সকলৰ সাক্ষ্য গ্ৰহণ কৰিব।

ইতিমধ্যে গোচৰৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবঢ়োৱাৰ সময়তে এটা অচিনাক্ত মুণ্ড উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত চি আই ডিৰ বিষয়াই জাহাঙ্গীৰ হুছেইনৰ ভাতৃৰ লগতে সন্ধানহীন সুনীল গগৈৰ পুত্ৰ কিম্বা ভতিজাকৰো ডি এন এ নমুনা সংগ্ৰহ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে, ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সাপতিয়া চেতিয়া গাঁওত যোৱা ১ জুনত সংঘটিত পাশৱিক হত্যাকাণ্ড প্ৰথমাৱস্থাত গাঁওখনৰ সুনীল গগৈৰ মৃতদেহ বুলি সন্দেহ কৰা হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষী আৰু চি আই ডিৰ তদন্তৰ পাছত উক্ত ভস্মীভূত মাংস পিণ্ড ধুবুৰীৰ পকা মিস্ত্ৰী জাহাঙ্গীৰ হুছেইনৰ বুলি চিনাক্ত হৈছিল।

  • Brahmaputra Times

    Related Posts

    লাওখোলা উদ্ধাৰৰ স্থানত উপস্থিত চি আই ডি বিষয়া…

    নিৰ্মম জাহাংগীৰ হত্যাকাণ্ডৰ প্ৰায় ৬ টা মাহ সম্পূৰ্ণ হোৱাৰ দিনাই ঘিলামৰা থানাৰ অন্তৰ্গত শিঙিয়া দলঙৰ তলৰ এটা ডুবিত বস্তাত প্ৰকাণ্ড শিল সহ ভৰাই পেলাই দিয়া অৱস্থাত উদ্ধাৰ কৰিছিল অঞ্চলটোৰ একাংশ…

    আজি অনিমেষ ভূঞাৰ তৃতীয় মৃত্যু বাৰ্ষিকী!

    আজি যোৰহাট মাৰোৱাৰী পট্টিত যোৰহাট জিলা ছাত্র সন্থাৰ আহ্বানত অনিমেষৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী পালন কৰা হয় । আছুৰ লগতে বিভিন্ন দল-সংগঠন আৰু যোৰহটীয়া ৰাইজৰ উপস্থিত হৈ অনিমেষৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অপৰ্ণ কৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ