কাৰাগাৰত অসুৰক্ষিত মহিলা কাৰাপ্ৰহৰী…

অসমৰ বিভিন্ন কাৰাগাৰৰ ভিতৰত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলে । ড্ৰাগছকে ধৰি নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহো হয় কাৰাগাৰৰ ভিতৰত । এই অভিযোগ কাৰাগাৰৰ ভিতৰৰে একাংশ কৰ্মচাৰীৰ । অৱশ্যে এইবাৰ ধুবুৰী কাৰাগাৰৰ এটা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

কাৰাগাৰৰ অধীক্ষকে কাৰাপ্ৰহৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাই গৃহ বিভাগত হুলস্থূলৰ সৃষ্টি কৰিছে । ঘটনাৰ তদন্তও আৰম্ভ হৈছে । অসমৰ কাৰাগাৰসমূহৰ উপ-মহাপৰিদৰ্শক গৌতম বৰা, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক পৰিণীতা বৰাসহ এটা দলে মঙলবাৰে ধুবুৰী আৱৰ্ত ভৱনত আহি উপস্থিত হয় ।

মঙলবাৰ আৰু বুধবাৰ দুদিনীয়াকৈ সমগ্ৰ বিষয়টোৰ তদন্ত চলোৱা হয় । তদন্তৰ বাবে ধুবুৰী জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ভুক্তভোগী মহিলা কাৰাপ্ৰহৰীকো দুয়োটা দিনতে ধুবুৰী জিলা কাৰাগাৰত উপস্থিত থাকিবলৈ কোৱা হয়। উল্লেখ্য যে ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশী, কয়েদী মজিবৰ ৰহমান আৰু ধুবুৰী জিলা কাৰাগাৰৰ এগৰাকী মহিলা কাৰাপ্ৰহৰীৰ স্বামী কৃষ্ণ বৰ্মনৰ বিৰুদ্ধে কাৰাগাৰখনৰ এগৰাকী মহিলা কাৰাপ্ৰহৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ।

ভুক্তভোগী কাৰাপ্ৰহৰীয়ে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে যোৱা ২৮ নৱেম্বৰত কৃষ্ণ বৰ্মন নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ইফালে যোৱা ১ ডিচেম্বৰত ধুবুৰী আৰক্ষীয়ে তদন্তৰ বাবে ধুবুৰী থানালৈ তদন্তৰ বাবে মাতি আনে জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীক । ধুবুৰী আৰক্ষীয়ে উক্ত দিনা দিনজোৰা জেৰা চলোৱাৰ অন্তত সন্ধিয়া অধীক্ষক প্ৰশান্ত ৰাজবংশীক যাবলৈ দিয়ে ।

তাৰ পিছতে অসম কাৰাগাৰসমূহৰ উপ-মহাপৰিদৰ্শক গৌতম বৰা, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক(এটাচ) পৰিনীতা বৰাসহ তদন্তকাৰী দলটো ধুবুৰীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । দলটোৰ তদন্তৰ অন্ততহে প্ৰকৃত ঘটনাটো স্পষ্ট হৈ পৰিব পাৰে বুলি বহুতেই ধাৰণা কৰিছে ।

ইফালে ধুবুৰীৰ কাৰাগাৰকাণ্ডক লৈ চলোৱা তদন্তৰ অন্তত অসম কাৰাগাৰসমূহৰ উপ-মহাপৰিদৰ্শক গৌতম বৰাই কয়,”ঘটনাৰ তদন্ত কৰি আছো । মই তদন্তৰ প্ৰতিবেদন দাখিল কৰিম । ধুবুৰীৰ কাৰাগাৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীকে ধৰি কেবাজনো লোকক জেৰা চলোৱা হৈছে । মই প্ৰতিবেদন দাখিল কৰাৰ পিছতে আমাৰ উচ্চ পদস্থ বিষয়াই যি ব্যৱস্থা গ্ৰহণ কৰে কৰিব । এই বিষয়টোক লৈ মই একো নকও । ঘটনাৰে জড়িত সকলোৰে ভাষ্য লোৱা হৈছে । ভুক্তভোগী মহিলাৰো ভাষ্য লোৱা হৈছে ।”

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে