
মেধাৰ ভিত্তিত ভাৰতীয় বায়ু সেনাৰ চাৰ্জেন পদত ভৰ্তি হৈ দেশ সেৱা কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱা অসম সন্তান বিকি ছেত্ৰী উভতি আহিল কফিনত৷ কফিনত ভৰাই ঘৰলৈ লৈ অহা বিকি ছেত্ৰীৰ মৃতদেহ প্ৰত্যক্ষ কৰি শ-শ লোকে চকুলো টুকিলে৷ ডিব্ৰুগড় জিলাৰ ডিকমৰ নাদুৱা চাইডিঙৰ ৩২ বছৰীয়া বিকি ছেত্ৰীয়ে বায়ু সেনাত চাকৰি লাভ কৰি কৰ্মৰত অৱস্থাত আছিল৷ বিগত কিছুদিন ধৰি বিকি পেনচিষ্টাইটিছ ৰোগত আক্ৰান্ত হৈছিল৷ মঙলবাৰে নতুন দিল্লীত ভাৰতীয় বায়ু সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়৷ আজি নতুন দিল্লীৰ পৰা ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ মৃতদেহ অনা হয়৷ ভাৰতীয় বায়ুসেনাত চাৰ্জেন ৰূপে কৰ্মৰত ৩২ বছৰীয়া বিকি ছেত্ৰীৰ মৃতদেহ আজি ওপজা গাঁৱলৈ অনাৰ পাছতে কন্দোনৰ ৰোল উঠে৷ পৰিয়াল তথা গাঁওবাসীয়ে চকুলো টোকে৷ মৃতদেহ আহি পোৱা লগে লগে নাদুৱা চাইডিঙত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বিকি ছেত্ৰীক নাদুৱা চাইডিংস্থিত শ্মশানত বায়ু সেনাৰ বিশেষ দলে সামৰিক মৰ্য্যদাৰে প্ৰদান কৰে৷ বায়ুসেনাৰ বিষয়াই ৰাষ্ট্ৰীয় পতাকা পিতৃৰ হাতত অৰ্পণ কৰাৰ পাছতে বায়ু সেনাৰ বিশেষ দল আৰু ৰাইজে শেষকৃত্য সম্পন্ন কৰে৷ বিকিৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে। বিকিৰ অকাল বিয়োগত চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়। মৃত্যুৰ সময়ত পিতৃ-মাতৃ, পত্নী, ডেৰ বছৰীয়া পুত্ৰ সন্তান, ভগ্নীসহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।