পদুমণি নিতাইপুখুৰীৰ ৰাসলীলা মহোৎসৱ উদ্বোধন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ বহু স্থানত ৰাইজে অনুষ্ঠিত কৰিছে পৰম্পৰা ৰক্ষা কৰি শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ । পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো ডিব্ৰুগড় জিলাৰ পদুমণি নিতাইপুখুৰীত ৰাইজে ৪৯ সংখ্যক আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত কৰিছে ।

বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত এই ঐতিহাসিক ৰাস মহোৎসৱ উদ্বোধন কৰে ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অনুষ্ঠানত উপস্থিত থাকে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ , ডিব্ৰুগড়ৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম চৰকাৰ গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্তকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ পদুমণি নিতাইপুখুৰী বৃহত্তৰ অঞ্চলৰ ৰাইজে আৰম্ভণিৰে পৰা এই আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আধ্যাত্মিক পৰিৱেশেৰে অনুষ্ঠিত কৰি আহিছে ।

বৃহস্পতিবাৰৰ ৰাস মহোৎসৱ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকি বিধায়ক চক্ৰধৰ গগৈয়ে নিজৰ ভাষণত কয়,”এই পদুমণি নিতাইপুখুৰী আঞ্চলিক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ অহা বৰ্ষত ৫০ বছৰত ভৰি দিব । সেয়ে এই ৰাস মহোৎসৱ অহা বৰ্ষত বিস্তাৰিত কাৰ্যসূচীৰে যাতে অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সৈতে আলোচনা মিলিত হ’ব ।”

এই ঐতিহাসিক ৰাস মহোৎসৱ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,”ৰাসলীলাৰ জৰিয়তে আমি একত্ৰিত হ’বলৈ অনুপ্ৰাণিত হওঁ । ৰাস লীলাই বিশ্বাস আৰু আধ্যাত্মিকতাৰ এক নিদৰ্শন দাঙি ধৰি আহিছে । এই অনুষ্ঠানে মানৱ সম্পদ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এখন সৱল সমাজত গঢ়িবলৈ গুৰুজনাই এই ৰাস সমাজলৈ আগবঢ়াই গৈছে । আধুনিক প্ৰযুক্তিৰ বিকাশৰ সময়ত প্ৰকৃত মানৱতা গঢ় দিয়াত ৰাসলীলাই সহায় কৰি আহিছে ।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “এই ৰাস মহোৎসৱলৈ আহি ভাল লাগিল । পদুমণি অঞ্চলৰ ৰাইজ সাংস্কৃতিকভাৱে অতি সজাগ-সচেতন । ৰাইজে ৰাসলীলা অনুষ্ঠিত কৰি ভক্তিভাৱৰ বাতাৱৰণ সৃষ্টি কৰিছে । গুৰুজনাৰ আদৰ্শক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে ।” পূৰ্বে মৰাণ সমষ্টিৰ বিধায়ক হৈ থাকোতেও এই আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ চোৱা বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…