আৰক্ষীৰ জালত পৰিল ম’ষ্ট ৱানটেড দীপাংকৰ বৰ্মন

আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত দীপাংকৰ বৰ্মন। ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত মহানগৰ আৰক্ষীয়ে গোৱাত  অভিযান চলাই দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰে ৷ ডি বি ষ্টকৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰি পলাতক হৈ আছিল দীপাংকৰ ।

অৱশেষত মহানগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অমিত মহাতোৰ নেতৃত্বত দেওবাৰে সন্ধিয়া দীপাংকৰক গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সামাজিক মাধ্যমত এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে, জালুকবাৰীৰ তেতেলিয়াৰ বাসিন্দা দীপাংকৰ বৰ্মনে মহানগৰীৰ জি এছ ৰোডৰ বৰা ছাৰ্ভিচত বিগত তিনি বছৰ ধৰি ডি বি ষ্টক কনচাল্টটেন্সি নামৰ বিত্তীয় প্রতিষ্ঠান খুলি সমগ্র ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছিল।

প্ৰৱঞ্চনাৰ বলি হৈ সৰ্বস্বান্ত হোৱা ভুক্তভোগী বিনিয়োগকাৰীয়ে পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ পাছৰে পৰা প্ৰায় দুমাহ ধৰি পলাতক হৈ আছিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন ৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে