দীপাৱলীত হেপাঁহ পলুৱাই খাওক মিঠাই…

দীপাৱলী মানেই যেন মিঠাই! পোহৰৰে চৌদিশ উজ্জ্বল হোৱাৰ লগতে এই আনন্দৰ উৎসৱত ইজনে-সিজনক মিঠাই উপহাৰ দিয়া তথা মিঠাই খোৱাটো এক পৰম্পৰা বুলিয়েই ক’ব পাৰি ৷ এই সময়তো আকৌ স্বাস্থ্য সচেতন একাংশই ওজন বৃদ্ধিৰ ভয়ত মিঠাই খোৱাৰ পৰা বিৰত থাকে ৷

কিন্তু এনে লোকসকলৰ এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই ৷ হয়, কেইটামান দিশৰ প্ৰতি মন দি আপুনি মিঠা খায়ো ওজন নিয়ন্ত্ৰণ কৰিব পাৰে ৷ মিঠাই খাই আপুনি এই উৎসৱটো কেনেদৰে বিশেষ কৰিব পাৰে, আজি জানো আহক-

আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিবলৈ দিনে কমেও ৭ -৮ গিলাচ পানী খাব ৷ ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে আৰু আপোনাৰ বিপাক বৃদ্ধি কৰে ৷ পৰ্যাপ্ত পানী খালে আপোনাক সতেজ অনুভৱ কৰোৱাৰ লগতে ভোকও নিয়ন্ত্ৰণ কৰিব ৷

যদি আপুনি মিঠাই খাই আছে, তেন্তে দৈনিক কমেও আধা ঘণ্টা খুব খৰকৈ খোজ কাঢ়িব ৷ ই কেলৰি দহন কৰাত সহায়ক হোৱাৰ লগতে আপোনাৰ মানসিক স্বাস্থ্যকো শক্তিশালী কৰিব ৷ নিয়মীয়াকৈ খোজ কঢ়াটো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷

আঁহেৰে সমৃদ্ধ খাদ্য খাব

উৎসৱৰ বতৰত মিঠাই খোৱাৰ লগতে আহাৰত আঁহ আৰু প্ৰ’টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব ৷ ফল, পাচলি আৰু সম্পূৰ্ণ শস্য আপোনাৰ বাবে ভাল বিকল্প হ’ব পাৰে ৷ আঁহ সমৃদ্ধ খাদ্যই পেটটো ভৰ্তি কৰি ৰাখে, যাতে আপুনি সোনকালে ভোক অনুভৱ নকৰে ৷

জিমলৈ যাব

যদি আপুনি বাহিৰত খোজ কাঢ়িব নোৱাৰে, জিমলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ নিয়মীয়া ব্যায়ামে ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে আপোনাক সুস্থ কৰি ৰাখিব ৷ শৰীৰৰ পৰা ঘাম বাহিৰ ওলোৱাটোৱে শৰীৰৰ বিপাকৰ হাৰ বৃদ্ধি কৰে, যিয়ে কেলৰি দহন কৰাত সহায় কৰে ৷

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…