
যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। ৰোগীৰ আত্মীয়ই এগৰাকী কণিষ্ঠ চিকিৎসকক প্ৰহাৰ কৰাৰ অভিযোগ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন কক্ষতে সৃষ্টি হয় এই ঘটনাৰ। ৫ জনীয়া এটা দলে চিকিৎসকক প্ৰহাৰৰ লগতে কৰ্তব্যত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ গোচৰৰ ভিত্তিত ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ভঙাগড় আৰক্ষীয়ে।
আনফালে চিকিৎসকৰ গাফিলতিৰ বাবে যুৱকৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই। বহু সময় যুৱকজনক বিনা চিকিৎসাৰে ৰখাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই।
ছালগিৰা এ চাংমা নামৰ যুৱকজনক চিকিৎসাৰ বাবে নুনমাটি আৰক্ষীয়ে আনিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। নুনমাটিত অচেতন অৱস্থাত পৰি আছিল যুৱকজন। দুৰ্ঘটনাত পতিত হৈয়েই যুৱকজন অচেতন হৈ পৰি আছিল বুলি জানিবলৈ দিছে নুনমাটি আৰক্ষীয়ে। যুৱকজনৰ মৃত্যুৰ পাছত চিকিৎসকক প্ৰশ্ন কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত চিকিৎসকক ৫জনীয়া এটা দলে কৰ্তব্যৰত চিকিত্সকক বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন হয়।
কলকাতাৰ মহিলা চিকিৎসকৰ মৃত্যুৰ ঘটনাৰ পাছতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সৃষ্টি হোৱা এই ঘটনাই পুনৰ জোকাৰিছে ৰাজ্য।