ট্ৰাম্পৰ নিৰ্বাচনী ৰেলীৰ সময়তে মাৰণাস্ত্ৰ, ভুৱা পাছপ’ৰ্টসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ  আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সমাগত । প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । তেনে এক প্ৰচাৰ ৰেলীৰ সময়তে পিষ্টলসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ট্ৰাম্পৰ ৰেলীৰ বাহিৰত তালাচীৰ সময়ত লোকজনৰ পৰা শ্বটগান, গুলীভৰ্তি হেণ্ডগান, গোলাবাৰুদ আৰু কেইবাখনো ভুৱা পাছপ’ৰ্ট উদ্ধাৰ কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে জনোৱা মতে দক্ষিণ কেলিফৰ্ণিয়াত শনিবাৰে নিশা ড’নাল্ড ট্ৰাম্পৰ ৰেলী আছিল । ৰেলীৰ বাহিৰত আৰক্ষীয়ে চেক পইণ্ট স্থাপন কৰি বাহনসমূহত তালাচী চলাই আছিল । ৰিভাৰচাইড কাউণ্টিৰ শ্বেৰিফ চাড বিয়াংকোৱে দেওবাৰে আবেলি এক সংবাদমেলত কয় যে লাছ ভেগাছৰ বাসিন্দা ৪৯ বছৰীয়া লোকজনে ঘৰতে বনোৱা লাইচেঞ্চ প্লেটৰ সৈতে এখন পঞ্জীভুক্ত ক’লা এছইউভি চলাই আহিছিল । সেই সময়ত লছ এঞ্জেলছৰ পূবৰ কোচেল্লাত ৰেলীত নিয়োজিত আৰক্ষীয়ে বাহনখন ৰখাইছিল ।

বাহনখনৰ চালকে প্ৰথমে নিজকে সাংবাদিক বুলি দাবী কৰিছিল কিন্তু তেওঁৰ সঠিক প্ৰমাণপত্ৰ আছিল নে নাই সেয়া অস্পষ্ট আছিল । আৰক্ষীয়ে লক্ষ্য কৰিছিল যে বাহনখনৰ ভিতৰভাগ বিশৃংখল অৱস্থাত আছিল আৰু তালাচীৰ সময়ত আৰক্ষীয়ে অস্ত্ৰ আৰু বাৰুদ উদ্ধাৰ কৰে । লগতে বিভিন্ন নামৰ একাধিক পাছপোৰ্ট আৰু চালকৰ অনুজ্ঞাপত্ৰও আৰক্ষীয়ে উদ্ধাৰ কৰে । পাচত আৰক্ষীয়ে নেভাদাৰ বাসিন্দাজনক গ্ৰেপ্তাৰ কৰে ।

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…