দিল্লী ক্ৰাইম ব্ৰাঞ্চৰ হাতত গ্ৰেপ্তাৰ বিতৰ্কিত RTI কৰ্মী দুলাল বৰা

সোণাৰিৰ এজন বিজেপি নেতাৰ আত্মহত্যাৰ সৈতে নাম সাঙোৰ খোৱা আৰ টি আই কৰ্মী দুলাল বৰাক আটক কৰিছে আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে দিল্লীৰ কীৰ্তি নগৰস্থিত কাৰলা হাস্পতালৰ পৰা আটক কৰি বৰ্তমান কীৰ্তি নগৰ থানাত সোধা-পোচা অব্যাহত ৰাখিছে।

বিজেপি নেতাগৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে লিখি থৈ যোৱা এখন পত্ৰত নাম উল্লেখ আছিল দুলাল বৰাৰ লগতে আন দুগৰাকী সাংবাদিকৰ। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত ঘোষণা কৰা হয় তদন্ত।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই তেওঁক সোধা-পোচাৰ বাবে বিচাৰিছিল যদিও ইয়াৰ কোনো সহাৰি নিদি তেওঁ দিল্লীত আত্মগোপন কৰি আছিল।

প্ৰায় বিতৰ্কত নাম সাঙোৰ খাই থকা দুলাল বৰাই আজি দিল্লীৰ কীৰ্তি নগৰস্থিত কাৰলা হাস্পতালত ভৰ্তি হ’বলৈ যোৱাৰ সময়তে তেওঁক দিল্লী ক্ৰাইম ব্ৰাঞ্চে আটক কৰে।

আজিয়ে দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হ’ব দুলাল বৰাক। ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল। অসম আৰক্ষীয়ে আজিৰ ভিতৰতে ট্ৰেনজিত ৰিমাণ্ডত বিচাৰিব দুলাল বৰাক। আজিয়ে অসম আৰক্ষীয়ে দুলাল বৰাক অসমলৈ অনাৰ সম্ভাৱনা আছে।

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ