ডিজিটেল ডেস্কঃ সেমেকা বতৰৰ মাজত ৰাজ্যবাসীয়ে লৈছে শাৰদীয় দুৰ্গা পূজাৰ মাদকতা। সপ্তমীৰ পুৱাৰ বৰষুণৰ পাছত দিনটোলৈ বতৰ মুকলি কৰাৰ পাছত সন্ধিয়া অহা আন এজাক বৰষুণে কিছু অসুবিধাৰ সৃষ্টি কৰিলে যদিও সপ্তমী পূজা চোৱাৰ মাদকতাত ম্লান পেলাব নোৱাৰিলে। আজিও পুৱাৰে পৰা বতৰ সেমেকা যদিও অষ্টমী পূজাক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে ব্যস্ততা।
পূজা মণ্ডপসমূহৰ পৰা ভাঁহি আহিছে পুৰোহিতৰ মন্ত্ৰোচাৰণ। উল্লেখ্য যে, এইবাৰ দুৰ্গা পূজাৰ একেটা দিনতে দুটাকৈ তিথি মিলাৰ বাবে একেটা দিনতে দুটাকৈ তিথিৰ যথাবিহিত পূজা সম্পন্ন কৰা হৈছে।