পূজা চাবলৈ যাঁওতে বেগত ৰাখক এইসমূহ সামগ্ৰী…

ডিজিটেল ডেস্কঃ  মহালয়াৰ পিচতে এতিয়া লাহে লাহে সমগ্ৰ অসমতে দুৰ্গা পূজাৰ বাবে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ পেণ্ডেলে পেণ্ডেলে সজাই তোলা হৈছে মহিষমৰ্দিনীৰ আকৰ্ষণীয় মূৰ্তিসমূহ ৷ পূজাৰ মণ্ডপ সমূহো জাকত-জিলিকা হৈ পৰিছে ৷ ইফালে এতিয়া দুৰ্গা পূজাৰ বাবে সকলোৱে নিজৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৷ বিভিন্ন ধৰণৰ পোচাক, খাদ্য সামগ্ৰীৰে ভৰি পৰিছে বজাৰ ৷

কিন্তু যদি আপুনি পূজা চাবলৈ যাব ওলাইছে তেন্তে আপোনাৰ বেগত এই জৰুৰী সামগ্ৰীসমূহ ৰাখিবলৈ একেবাৰেই নাপাহৰিব এই সামগ্ৰীসমূহ যিকোনো জৰুৰীকালীন অৱস্থাত কামত আহিব ৷

বেণ্ড এইড: পূজা মানে নতুন জোতা বা চেণ্ডেল আৰু এই জোতা বা চেণ্ডেলযোৰ পিন্ধাৰ পিচত বহু লোকৰ ফোহা ওলোৱা, ছাল চিগাৰ সম্ভাৱনা থাকে ফলত খোজ কঢ়াটো কঠিন হৈ পৰে গতিকে এনে সময়ৰ বাবে বেগত বেণ্ড এইড ৰখাটো খুবেই জৰুৰী ৷

ছাতি: ৰ’দ বা বাৰিষাত ছাতি আমাৰ বাবে এক অতি লাগতিয়াল সামগ্ৰী ৷ পূজাৰ সময়ত সামান্য বৰষুণৰ সময়তো যদি আপুনি বেগত ছাতিটো ৰাখে তেন্তে আপুনি পূজাৰ সময়ত ক’তো ৰৈ থকাৰ প্ৰয়োজন নাই তথা আপোনাৰ কাপোৰো লেতেৰা নহয় ৷

ঔষধ: পূজাৰ বাবে বাহিৰলৈ যোৱা মানেই বাহিৰ খাদ্য খোৱা ৷ ই প্ৰায়েই এচিডিটিৰ সম্ভাৱনা বৃদ্ধি কৰে সেয়ে বাটত যাতে আপুনি কোনো বিপদৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে বেগত আপোনাৰ লাগতিয়াল ঔষধসমূহ ৰাখিবলৈ নাপাহৰিব ৷
পানী: পানী দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ সেয়ে যিকোনো ঠাইলৈ ওলাই যোৱাৰ পূৰ্বে বেগত এটা সৰু পানীৰ বটল ৰখাটো অতিকৈ প্ৰয়োজনীয় ৷
  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক