ডিজিটেল ডেস্কঃ এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷ দুৰ্নীতি নিবাৰক শাখাই বুধবাৰে উৎকোচ লোৱা সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে বিষয়াজনক।
জানিব পৰা মতে, এজন ব্যক্তিৰ পৰা বাৰৰ লাইচেঞ্চৰ নামত ১ লাখ টকা বিচাৰিছিল বিষয়াজনে । পূৰ্বে ৪০ হাজাৰ টকাৰ উৎকোচ লৈছিল বিষয়াজনে । আজি পুনৰ দিছপুৰ জনতা ভৱনৰ মূল গেটৰ সমীপত ২৪,৫০০ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে আটক কৰে পাৰ্থ হাজৰিকাক ।
আবকাৰী বিভাগৰ শাখা অফিচাৰ আছিল পাৰ্থ হাজৰিকা । পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দ্দীত বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰি অধিক জেৰাৰ বাবে পাৰ্থ হাজৰিকাক দুৰ্নীতি নিবাৰকৰ মুখ্য কাৰ্যালয়লৈ লৈ গৈছে ৷ উল্লেখ্য যে, পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ।
সেয়েহে এতিয়া সাধাৰণ নাগৰিকে ভাবিবলৈ বাধ্য হৈছে যে দুৰ্নীতৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰৰ দিনত এতিয়া সৰিয়হৰ ডুলিতে ওলাইছে ভূত ৷ পাৰ্থ হাজৰিকাক গ্ৰেপ্তাৰৰ পাছত তেওঁৰ জৱাহৰ নগৰৰ হাউচফেড কমপ্লেক্সৰ ডি ব্লকৰ ১০৩ নং ফ্লেটত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় । পাৰ্থ হাজৰিকাক লগত লৈ অভিযানকাৰী দলটোৱে চলোৱা অভিযানৰ সময়ত তেওঁৰ ফ্লেটৰ পৰা নগদ ৪৭,৩০,৫০০ টকা জব্দ কৰে ।