ৰাস কমিটীলৈ ভাল খবৰঃ অসম চৰকাৰে প্ৰতিখন ৰাস কমিটীক দিব ৫০,০০০টকা

ৰাস কমিটীসমূহলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিখন ৰাস কমিটীলৈ আগবঢ়াব অনুদান। অসম চৰকাৰে প্ৰতিখন ৰাস কমিটীক প্ৰদান কৰিব ৫০,০০০ কৈ টকা । মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ অন্যান্য ৰাস কমিটীসমূহৰ সমান্তৰালকৈ আনন্দিত হৈ পৰিছে মাজুলীৰ ৰাস কমিটীসমূহো ।

ৰাস বুলি ক’লেই পোন প্ৰথমে মনলৈ আহে সত্ৰপীঠ মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ লগত আছে এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ ।

কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল-তাল, কৃষ্ণ বন্দনাৰে মুখৰিত হয় মাজুলীৰ আকাশ-বতাহ । এইবছৰ মাজুলীৰ সত্ৰানুষ্ঠানসমূহকে ধৰি ৬৪ খন মঞ্চত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱভাগ ।

বান-বাৰিষাৰ সকলো দুখ-দুৰ্ভাৱনা পাহৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱক লৈ । ৰাস বুলি কলেই ব্যস্ততা বাঢ়ে মাজুলীৰ প্ৰতিজন লোকৰ । দেশী-বিদেশী হাজাৰ হাজাৰ লোকক আদৰণি জনাবলৈ সাজু হয় মাজুলীবাসী । আগন্তুক ৰাস মহোৎসৱৰ বাবে সাজু হৈ উঠিছে সত্ৰসমূহৰ লগতে ৰংগমঞ্চসমূহ । ইতিমধ্যে নিশা দুপৰলৈকে চলিছে ৰাসৰ আখৰা ।

ৰাস মহোৎসৱৰ ব্যস্ততাৰ মাজতে ৰাস কমিটিসমূহলৈ ৫০,০০০ কৈ টকা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পাছতে ৰাস কমিটীসমূহৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । সকলোৱে মুখ্যমন্ত্ৰীগৰাকী তথা অসম চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জনাইছে ।

  • Brahmaputra Times

    Related Posts

    উজনি অসমত একেলগে আছু ত্যাগ কৰিলে কেবাগৰাকী কৰ্মীয়ে…

    আছু নেতৃত্বৰ স্বৈৰাচাৰিক সিদ্ধান্ত তথা নিজৰ অনুগত সদস্যক দায়িত্ব প্ৰদান কৰি যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বহু সদস্য তথা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ…

    অসম সাহিত্য সভা: ১ম দিনাই প্ৰধান সম্পাদকৰ পদৰ বাবে দুজনৰ মনোনয়ন পত্ৰ সংগ্ৰহ…

    আজিৰ পৰা আৰম্ভ হ’ল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া। আজি যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে বহুকেইজন ব্যক্তিয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…