

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আগশাৰীৰ ক্লাৱ কাঁহিবাৰী নৱৰূপ ক্লাৱৰ উদ্যোগত এখন বিশেষ নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে৷ ৰাজ্যৰ কেইবাটাও দুৰ্দান্ত দলে অংশগ্ৰহণ কৰা বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতাৰ খেলসমূহ চাবলৈ নিতৌ নিশা কাঁহিবাৰী মহামিলন হাইস্কুল খেলপথাৰ হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে৷ হাত তালি, কোলাহলত শিহৰিত হৈ পৰে দৰ্শক৷ তাৰকা ফুটবলাৰৰ ভৰিৰ যাদু প্ৰত্যক্ষ কৰি দৰ্শক উত্তেজিত হৈ নিজ পচন্দৰ দলটোক সমৰ্থন কৰা পৰিলক্ষিত হয়৷ ৰাজ্যৰ কেইবাটাও দলে অংশগ্ৰহণ কৰা নৈশ ফুটবল প্ৰতিযোগিতাখনৰ প্ৰথম ছেমি ফাইনেলখন কালি অনুষ্ঠিত হয়৷ ভেল্লা চিচি ৰমণ একাডেমী বনাম পটা মাজগাঁও এনজিঅ’ৰ মাজত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেল খেল উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা কংগ্ৰেছ নেতা ছফি জামাল হুছেইনে৷ নিশা ছেমি ফাইনেল খেলখন উদ্বোধন কৰি জামালে সুধাকণ্ঠৰ ‘এই পৃথিৱী এক ক্ৰীড়াংগন-ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগণ’ শীৰ্ষক গানটোৰ প্ৰসংগ উল্লেখ কৰি ক্ৰীড়াই সমাজক ভাতৃত্ববোধ, সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰে বুলি উল্লেখ কৰিছে৷ দ্বিতীয় চেমি ফাইনেল খেলখন উদ্বোধন কৰাৰ সুযোগ পায় নথৈ আনন্দিত হোৱা বুলি কৈ ক্ৰীড়াৰ প্ৰতি মানুহৰ ধাউতি দেখি আপ্লুত হোৱা বুলি কয় হুছেইনে। নৱ প্ৰজন্মক প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়াত উদ্যোক্তাসকলকো ধন্যবাদ জনাই হুছেইনে। আনহাতে দংৰা চুপাৰষ্টাৰ ক্লাৱে অনুষ্ঠিত কৰা ক্ৰিকেট প্ৰতিযোগিতাৰ বঁটা-বিতৰণি সভাতো অংশ লয় নেতাগৰাকীয়ে৷