৬খন জিলাক সামৰি সীমান্ত নাগালেণ্ড টেৰিটৰী গঠনৰ সিদ্ধান্ত নাগালেণ্ড চৰকাৰৰ

স্বায়ত্ত শাসন প্ৰদান কৰা লক্ষ্যৰে পূব নাগালেণ্ড চৰকাৰে ৬খন জিলাৰ বাবে ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী অথৰিটি (এফএনটিএ) স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন (ইএনপিঅ’)ৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নাগালেণ্ড চৰকাৰৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই এফ এন টি এৰ স্বায়ত্ত শাসিত ক্ষমতা থাকিব আৰু ই এন পি অ’ৰ দ্বাৰা পৰিচালিত হ’ব। ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী অথৰিটিয়ে অঞ্চলটোৰ ৭টা জনজাতিক প্ৰতিনিধিত্ব কৰিব।

৪৯টা সমষ্টিৰ সৈতে এই কৰ্তৃপক্ষৰ কাৰ্যকৰীতা মূল্যায়নৰ বাবে ১০ বছৰৰ পিছত পুনৰীক্ষণ কৰা হ’ব। উল্লেখযোগ্য যে ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী অথৰিটি এই প্ৰস্তাৱৰ লক্ষ্য হৈছে অৰ্থনৈতিকভাৱে পিছপৰা বুলি গণ্য কৰা পূব নাগালেণ্ডৰ স্বায়ত্তশাসনৰ দীৰ্ঘদিনীয়া দাবীসমূহ সমাধান কৰা।

বুধবাৰে অনুষ্ঠিত নাগালেণ্ড চৰকাৰৰ কেবিনেটে বৈঠকত ৰাজ্য চৰকাৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ সাজু বুলি কয়। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। পিছত সংবাদ মাধ্যমৰ আগত নাগালেণ্ডৰ শক্তি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ কে জি কেনিয়ে কয় যে মন্ত্ৰীসভাত ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন (ইএনপিঅ’) আৰু ইষ্টাৰ্ণ নাগালেণ্ড লেজিছলেটৰছ ইউনিয়ন (ইএনএলইউ)ৰ দীৰ্ঘদিনীয়া দাবীকে ধৰি কেইবাটাও জৰুৰী বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে।

তেওঁ উল্লেখ কৰে যে বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু সদস্যসকলে অংশগ্ৰহণ কৰা এই বৈঠকত এনপিঅ’ৰ উদ্বেগসমূহৰ সমাধানৰ ওপৰত আলোচনা কৰা হৈছিল । তেওঁ কয় যে ইএনপিঅ’ৰ স্বাৰ্থক আগুৱাই নিয়াৰ বাবে নাগালেণ্ড চৰকাৰৰ দায়বদ্ধ।

প্ৰস্তাৱিত ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী (এফএনটি)ৰ নামকৰণৰ নামকৰণ ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি (এফএনটিএ)লৈ সলনি কৰা হৈছে নেকি বুলি সোধাত স্পষ্ট কৰি দিয়ে যে এফএনটিএ ইতিমধ্যে মূল খচৰাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৰাজ্য চৰকাৰে কেৱল ইয়াৰ উল্লেখহে কৰিছে। নিষ্পত্তি স্মাৰক পত্ৰৰ খচৰা অনুসৰি প্ৰস্তাৱিত প্ৰশাসনিক ব্যৱস্থাটোক এফএনটিএ নামেৰে জনা যাব।

  • Brahmaputra Times

    Related Posts

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিজ নিজ বৈশিষ্ট তথা সুকীয়া পৰিচয় আছে। প্ৰতিখন ৰাজ্যৰ অন্তৰ্গত প্ৰতিখন চহৰৰ ঐতিহ্যই নিজ পৰিচয় বহন কৰে। ইয়াৰ মাজতে ভাৰতত এখন এনে চহৰ আছে য’ত ২০০ খনতকৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…