গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

বিৰোধী উপ-দলপতি গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদান কৰাৰ বাবে লোকসভা সচিবালয়ক নিৰ্দেশ দিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । লোকসভাৰ অধ্যক্ষৰ নিৰ্দেশত লোকসভা সচিবালয়ে সাংসদসকলৰ বাবে অষ্টদশ লোকসভাৰ আসনৰ ব্যৱস্থা কৰিছে ।

এই নতুন ব্যৱস্থা অনুসৰি, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বাবে সদনৰ সন্মুখৰ শাৰীত আসনৰ ব্যৱস্থা কৰা হৈছে । তেওঁ বিৰোধী দলপতি ৰাহুল গান্ধীৰ কাষত বহিব । সেইদৰে কে চি বেণুগোপাল আৰু কংগ্ৰেছ দলৰ মুখ্য হুইপ কোডিকুন্নিল সুৰেশও সন্মুখৰ শাৰীৰ আসনত বহিব।

উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈয়ে একেবাৰে বুথ পৰ্যায়ৰ পৰা সংসদীয় গণতান্ত্ৰিক পৰম্পৰাৰ মন্দিৰ স্বৰূপ সংসদৰ বাহিৰে-ভিতৰে চৰকাৰৰ জন-পৰিপন্থী নীতিৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে । শাসকীয় পক্ষক সমালোচনাৰে থকা-সৰকা কৰা গৌৰৱ গগৈক কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই ইতিমধ্যেই তেওঁৰ ওপৰত আস্থা আৰু ভৰসা কৰি লোকসভাৰ বিৰোধী উপ-দলপতিৰ দায়িত্ব দিছে । যি দায়িত্ব তেওঁ নিয়াৰিকৈ পালন কৰি আহিছে ।

এইবাৰ সদনৰ প্ৰথম শাৰীত বিৰোধী দলপতিৰে বহাৰ বাবে লোকসভাৰ অধ্যক্ষৰ নিৰ্দেশত লোকসভা সচিবালয়ে ব্যৱস্থা কৰিছে । সাংসদ গৌৰৱ গগৈয়ে সদনত নিজৰ অধ্যয়নশীলতা, সততা, নিষ্ঠা আৰু তথ্যসৰ্বস্ব বাকপতুতাৰে সমগ্ৰ দেশবাসীৰ লগতে দলৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বৰো আস্থা আৰু দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

কিছুদিন পূৰ্বে কংগ্ৰেছ দল আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দলৰ জ্যেষ্ঠ সাংসদ কোডিকুন্নিল সুৰেশ, কে চি বেণুগোপালৰ লগতে সাংসদ গগৈৰ অভিজ্ঞতা আৰু পাৰদৰ্শিতাৰ বাবে বিৰোধী পক্ষৰ বাবে আৱন্টিত সদনৰ প্ৰথম শাৰীত আসন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল । যাৰ পৰিপেক্ষিতত লোকসভাৰ অধ্যক্ষই কংগ্ৰেছ দলৰ এই অনুৰোধৰ প্ৰতি সহাৰি জনাই কংগ্ৰেছ দলৰ তিনিওগৰাকী সাংসদকে বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে একেশাৰীতে আসনত বহিবলৈ অনুমতি প্ৰদান কৰিছে ।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে