জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে! ‘ষ্টাৰ কেম্পেইনাৰ হ’ব হিমন্ত বিশ্ব শৰ্মা’

২০২৬ লৈ সাজু গৌৰৱ গগৈ। ২০২৬ত অসমত বিধানসভা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি? কোনটো বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে?
এনে বহু প্ৰশ্ন অসমৰ ৰাজনৈতিক মহলত চলি থকা দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ এই প্ৰশ্নবোৰৰ উত্তৰ প্ৰদান কৰিছে খোদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ এই প্ৰশ্নৰ উত্তৰত পোৱা গ’ল ২০২৬ৰ ৰাজনীতিৰ এক আগতীয়া ইংগিত। যোৰহাট বিধানসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ ইংগিত পোৱা গৈছে।
দেওবাৰে মৰিয়নিত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ গৌৰৱ গগৈয়ে কয়,

মোক লৈ যিবোৰ চৰ্চা হয়, পাছলৈ সেইবোৰ কি হয় নিজেও গম নাপাওঁ। আগেয়ে চৰ্চা হৈছিল যে মই লোকসভা নিৰ্বাচন যোৰহাট নে নগাঁৱৰ পৰা খেলিম। পাছলৈ চৰ্চা হৈছিল, ডেৰ লাখ নে তিনি লাখ ভোটত হাৰিম। কিন্তু এই চৰ্চাৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। দলে যদি কাইলৈ মোক যোৰহাট বিধানসভা সমষ্টিৰ পৰা খেলিবলৈ কয়, তেতিয়া যোৰহাটৰ পৰা খেলিম। দলে যদি কয়, জালুকবাৰীৰ পৰা খেলিব লাগে, তেতিয়া জালুকবাৰীৰ পৰা খেলিম।

বিজেপিৰ শেহতীয়া ৰাজনীতিৰ প্ৰতি গৌৰৱ গগৈৰ তীৰ্যক মন্তব্য, বিজেপিয়ে বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰা যি শিক্ষা ল’ব লাগিছিল, সেই শিক্ষা নল’লে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈৰ মন্তব্য,

আমাৰ ষ্টাৰ কেম্পেইনাৰ হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ যি বিভাগেই লৈছে, সেই বিভাগেই ধ্বংস হৈছে। তেওঁ বিত্ত বিভাগৰ দায়িত্ব ল’লে – ৰাজ্য চৰকাৰ ধৰুৱা হ’ল। শিক্ষা মন্ত্ৰীৰ দায়িত্ব লোৱা পাছত চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণ হ’ল বা বন্ধ হৈ গ’ল। কিন্তু তাৰ বিপৰীতে তেওঁ ব্যক্তিগত বিদ্যালয় খুলিছে। তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লোৱা পাছতেই চৰকাৰী খণ্ডৰ চিকিত্সালয়ৰ দুৰৱস্থা দেখা গ’ল। তেওঁ লোকনিৰ্মাণ বিভাগৰ দায়িত্ব ল’লে – ৰাস্তা-পদূলিৰ অৱস্থা বেয়া হ’ল। তেওঁ গুৱাহাটী উন্নয়ণ দপ্তৰৰ মন্ত্ৰী হ’ল – এজাক বৰষুণতেই গুৱাহাটীত পানী হয়। বিজেপি, নেডাৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা প্ৰদৰ্শন কৰি বিৰোধীক উপকৃত কৰিছে। কংগ্ৰেছৰ সন্দেহজনক মানুহবোৰ বিজেপিলৈ নি কংগ্ৰেছক উপকৃত কৰিছে। তেওঁ য’তেই আছে, ভালে থাকক আৰু আমাক সহায় কৰি থাকক।

Brahmaputra Times

Related Posts

জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ