অসম আন্দোলনৰ নেতা ভৈৰব ডেকাৰ পৰলোকপ্ৰাপ্তি

গোৰেশ্বৰ, ৩০আগষ্টঃ অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ নেতা তথা অ গ প দলৰ গোৰেশ্বৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি , তামুলপুৰ জিলা সমিতৰ সভাপতি ,গোৰেশ্বৰ ব্যৱসায়ী সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ভৈৰৱ ডেকাৰ (৬৮)আজি আবেলি গোৰেশ্বৰ কৃষ্ণ নগৰৰ নিজাবাসভৱনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷ জানিব পৰামতে তেওঁ দীৰ্ঘদিনৰ পৰা মধুমেহ ৰোগত আক্ৰান্ত আছিলো । ডেকাই পৰিয়িলৰ লগত একেলগে দুপৰীয়া আহাৰ গ্ৰহণ কৰি ঘৰৰ চোফাত বহি জিৰণি লৈ থকা সময়তেই হৃদৰোগত আক্ৰান্ত হৈয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ আপোচবিহীন জাতীয়তাবাদী ,মিত্যভাষী ভৈৰৱ ডেকাই গোৰেশ্বৰ নগৰত ডেকা ফাৰ্মাচী দি ঔষধৰ ব্যৱসায় কৰি আহিছিল । অকল তেওঁ নিজৰ ব্যৱসায়ীৰ লগত জড়িত নেথাকি সমাজ সেৱাৰ কামতো বিশেষভাবে জড়িত আছিল ৷ ডেকাৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে এলেকাটোত গভীৰ শোকৰ ছাঁ পৰে৷ডেকাৰ মৃত্যুত কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অ গ প দলৰ সম্পাদক সত্যব্ৰত কলিতা ডেকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জনায়৷ লগতে এক শোকবাৰ্তাত প্ৰাক্তন বিধায়ক কলিতাই অ গপ দলে এজন নিষ্ঠাবান কৰ্মীক হেৰুৱালে বুলি কয় ৷ অ গ পৰ ৰঙিয়া জিলা সমিতিৰ প্ৰাক্তন সম্পাদক নীলকণ্ঠ ডেকা, গোৰেশ্বৰ ব্যৱসায়ী সমিতি সভাপতি ফুলন নাগ আৰু সম্পাদক সুৰেন নাৰ্জাৰী আক্ৰাছুৰ শংকৰ ৰাজবংশী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জালালুদ্দিন আহমেদ,গোৰেশ্বৰ সাহিত্য সভাকে ধৰি বিভিন্ন ব্যক্তি আকু দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুজন পুত্ৰ ইহসংসাৰত এৰি থৈ যায় ৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে