
গুৱাহাটীত বৃদ্ধি পাইছে ডেংগুৰ আতংক । ইটোৰ পাছত সিটো অঞ্চলত ডেংগিয়ে প্ৰভাৱিত কৰাৰ খবৰ আহিছে। ফলত শংকিত হৈ পৰিছে মহানগৰবাসী। যোৱা মঙলবাৰে ডেংগিত আক্ৰান্ত এগৰাকী মহিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । মৃত মহিলাগৰাকীৰ ঘৰ গুৱাহাটীৰ ভাস্কৰ নগৰত।
ইয়াৰ পাছতে এতিয়া গুৱাহাটীৰ ৪টা অঞ্চলক ৰেড জ’ন ঘোষণা কৰিছে গুৱাহাটী জিলা প্ৰশাসনে। গুৱাহাটীৰ ভাস্কৰ নগৰ, কাৰ্বি পথ, জু-ৰোডৰ অম্বিকাগিৰি নগৰ আৰু বামুণীমৈদাম ৰে’লৱে কলনীক ৰেড জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে।
উল্লেখ্যযে ভাস্কৰ নগৰ, হাতীগড় চাৰিআলি, গীতানগৰ, কাৰ্বি পথ আদিত নিতৌ ইজনৰ পিছত আনজন ডেংগি ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, বিগত এটা মাহত বৃহত্তৰ ভাস্কৰ নগৰ অঞ্চলত ৩০জনৰো অধিক লোক ডেংগিত আক্রান্ত হৈছে। ডেংগিৰ হটস্পটত পৰিণত হৈছে গুৱাহাটীৰ ভাস্কৰ নগৰ।