ৰাজ্যত পুনৰ ধৰা পৰিছে ভুৱা আৰক্ষী বিষয়া। আৰক্ষীৰ পোছাকত গুৱাহাটী মহানগৰীত তহল দি থকা অৱস্থাতে এজন ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে।
আৰক্ষীৰ পোছাক পৰিধান কৰি বিভিন্ন কুকীৰ্তিত লিপ্ত ৰিংকু কলিতাক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।
জানিব পৰা মতে, আজি জালুকবাৰীৰ ACP বুলি পৰিচয় দি তহল দিয়াৰ সময়তে ফটাশিল আমবাৰী আৰক্ষীয়ে ৰিংকু কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।