গুৱাহাটীঃ প্ৰচণ্ড গৰমৰ পিছত পুনৰ ধৰালৈ নামিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এই বৰষুণৰ আগজাননী প্ৰদান কৰিছে।
শনিবাৰে গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আগন্তক কেইদিনমানত ৰাজ্যজুৰি প্ৰবল বৰষুণ হ’ব। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে ৭ খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু ১৭ খন জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰিছে।
বতৰ বিভাগৰ তথ্য অনুসৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰা কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বাক্সা, গোৱালপাৰা আৰু কৰিমগঞ্জত জিলাত আগন্তুক ২৪ ঘণ্টা মধ্যমীয়াৰ পৰা অতিপাত বৰষুণৰ সম্ভাৱনা আছে।
আনহাতে ধুবুৰী, দক্ষিণ শালমাৰা, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ (গ্ৰাম্য), কামৰূপ (মহানগৰ), দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে। এই সমূহ জিলাত আগন্তুক ২৪ ঘণ্টালৈ প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।