হাজোত এচিড আক্ৰমণৰ বলি একে পৰিয়ালৰ ৩ সদস্য…

মঙলবাৰে নিশা হাজোৰ খোপনিকুচিত এটা পৰিয়ালৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। জানিব পৰা মতে দুৰ্বৃত্তৰ এই এচিড আক্ৰমণত আহত হৈছে পৰিয়ালটোৰ ৩গৰাকীকৈ মহিলা সদস্য। তাৰে এগৰাকী কিশোৰী।

পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে নিশা শুই থকা অৱস্থাত খিৰিকীৰে দুৰ্বৃত্তই এচিড নিক্ষেপ কৰে। সন্দেহ কৰা অনুসৰি প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হৈছে।

অভিযোগ অনুসৰি স্থানীয় এজন যুৱকে বাৰে বাৰে কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি অহাৰ লগতে বিভিন্ন ধৰণে ভাবুকি দি আহিছিল। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এচিড আক্ৰমণত আহত মহিলা কেইগৰাকী ক্ৰমে জাহেদা চুলতানা, মালেকা খাতুন আৰু মনেছ আলী। তিনিওকে মুমূৰ্খ অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…