
গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে পুনৰ USTMক জগৰীয়া কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি USTM ৰ সৈতে থকা মুখ্যমন্ত্ৰীৰ শত্ৰুতা এইবাৰ তাত অধ্যয়ণ কৰি থকা অসমৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত জাৰিলে মুখ্যমন্ত্ৰীয়ে।
বুধবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে, USTMৰ পৰা পাছ কৰা ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰৰ চাকৰি লাভ নকৰিব। তেওঁলোকে অসম চৰকাৰৰ চাকৰি কৰিবলৈ হ’লে পৃথককৈ যোগ্যতা নিৰূপক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। USTMৰ বাবে অসমৰ ডিব্ৰুগড় বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভোগ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, অসমত মেডিকেল বা যিকোনো অন্য চাকৰি বিচাৰিলেও USTM ৰ পৰা পাছ কৰা ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পৰীক্ষা দিব লাগিব। এই ব্যৱস্থা পশ্চিমবংগ বা তামিলনাডু আদি অন্য ৰাজ্যত পঢ়ি অহা ছাত্ৰ-ছাত্ৰীৰ বাবেও প্ৰয়োগ হ’ব। এই বিষয়ে বিবেচনা কৰিবলৈ আইনী বিভাগক পৰামৰ্শ দিয়া বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।
USTMত প্ৰাক্তন মুখ্যমন্ত্ৰী পি এ চাংমাৰ নামত নিৰ্মাণ কৰি থকা চিকিত্সালয়খনৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰে গুৰুতৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ মতে USTMত নিৰ্মাণ কৰি থকা চিকিত্সা মহাবিদ্যালয়খনত নাই এজনো ৰোগী। যিদিনা নেচনেল মেডিকেল কলেজৰ টীমে চিকিত্সা মহাবিদ্যালয়খন পৰীক্ষা কৰিবলৈ আহিছিল, সেই দিনাজোৰকৈ তাত ৰোগী ভৰ্তি কৰোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয়, যিদিনাই USTM ত চিকিত্সা মহাবিদ্যালয় নিৰ্মাণ হৈ যাব, সেই দিনাৰ পৰাই ধ্বংস হ’ব গুৱাহাটী চিকিত্সা মহাবিদ্যালয়।
অসমত চৰকাৰী চাকৰি পাবলৈ হ’লে কোনে কোনে পৃথকে পৰীক্ষা দিব লাগিব সেই সম্পৰ্কে বৰ্ণনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, USTM ৰ পৰা BA-MA পাছ কৰি অহা ছাত্ৰ-ছাত্ৰীয়েও দিব লাগিব সুকীয়া পৰীক্ষা। অৱশ্যে বহিঃৰাজ্যস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত অধ্যয়ণ কৰি অহা ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত নিজকে প্ৰমাণিত কৰিব নালাগে বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে। অসমত পৰ্যাপ্ত আসন থকাৰ পাছতো USTMত কিয় পঢ়িবলৈ যাব লাগে বুলি প্ৰশ্ন কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, দৰকাৰ হ’লে গুৱাহাটী ইউনিভাৰচিটীৰ আসনৰ সংখ্যা বঢ়াই দিব। তাত পইছা দি পঢ়াতকৈ অসমত পইছা নিদিয়াকৈ পঢ়ক। USTMএ যি চেলেঞ্জ দিছে, সেয়া মুখ্যমন্ত্ৰীক দিয়া চেলেঞ্জ। তাৰ বাবে মই যি কৰিব লাগে শ্ল’ পইজনৰ দৰে কৰিম বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে USTMক এটা স্কেম বুলি আখ্যা দিয়ে।