চাহৰ সৈতে কেতিয়াও নাখাব এই খাদ্য…

ডিজিটেল ডেস্কঃ চাহ আমাৰ সকলোৰে প্ৰিয় ৷ অধিকাংশ লোকেই চাহৰ লগত পিঠা, বিস্কুট, মিঠাই, নিমকীকে ধৰি অন্যান্য খাদ্য গ্ৰহণ কৰিবলৈ ভাল পায় ৷ কিন্তু এতিয়াৰে পৰা আপুনি চাহৰ সৈতে এনে খাদ্য গ্ৰহণ কৰোতে সতৰ্ক হ’ব ৷ হয়, চাহৰ সৈতে নিমখীয়া বস্তু ভুলতো নাখাব ৷ ই স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক ৷ চাহৰ সৈতে নিমখীয়া খাদ্য গ্ৰহণৰ অপকাৰিতাৰ বিষয়ে আজি জানো আহক-

বদহজমৰ সমস্যা

গাখীৰ চাহৰ সৈতে নিমখীয়া, টেঙা বা মচলাযুক্ত বস্তু খালে পাচনতন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে ৷ ই বদহজমৰ সমস্যাও বৃদ্ধি কৰে ৷

ডায়েৰিয়াৰ আশংকা

কিছুমান খাদ্যৰ সংমিশ্ৰণে আমাৰ শৰীৰৰ উপকাৰিতা সাধন কৰে যদিও কিছুমান খাদ্যই আকৌ আমাৰ শৰীৰৰ বাবে বৰবিহস্বৰূপ হৈ পৰে ৷ তেনেই এটি সংমিশ্ৰণ হৈছে চাহৰ সৈতে নিমখীয়া খাদ্যৰ সংমিশ্ৰণ ৷ গাখীৰ চাহত পোৱা টেনিন আৰু নিমখৰ সংমিশ্ৰণে পেট বেয়া কৰে ৷ টেনিনবোৰ গাখীৰৰ সৈতে পেটত ভালদৰে মিহলি হৈ নাযায় ৷ যাৰ ফলত পেট ফুলা, পেটৰ বিষ, ডায়েৰিয়া আৰু অন্যান্য হজম সমস্যাৰ আশংকা বৃদ্ধি হ’ব পাৰে ৷

এচিডিটিৰ সমস্যা

যদি আপুনি গাখীৰ চাহৰ সৈতে নিমখীয়া শুকান ফল বা আন কিবা নিমখীয়া খাদ্য খায়, ই এচিডিটিৰ সমস্যা সৃষ্টি কৰিব পাৰে ৷ পৰাপক্ষত তেলত ভজা-পোৰা খাদ্যও চাহৰ সৈতে খাবলৈ এৰিব ৷

অন্ত্ৰৰ স্বাস্থ্যত প্ৰভাৱ

নিমখীয়া খাদ্যত থকা পৰিশোধিত কাৰ্ববোৰ হজম হ’বলৈ দীঘলীয়া সময় লয়, যিয়ে আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য প্ৰভাৱিত কৰে ৷ চাহ আৰু নিমখীয়াৰ সংমিশ্ৰণে আপোনাৰ আভ্যন্তৰীণ প্ৰণালী ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷ যাৰ ফলত আপোনাৰ দীৰ্ঘম্যাদী পাচন সমস্যা হোৱাৰ সম্ভাৱনা থাকে ৷

উল্লেখ্য যে, গাখীৰ চাহো স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ এই কাৰণেই নিমখীয়া খাদ্যৰ সৈতে চাহ খালে আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে ৷ সেয়েহে, নিজকে সুস্থ-সবল কৰি ৰাখিবলৈ এনে ভুল খাদ্যৰ সংমিশ্ৰণ পৰিহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক