

ডিজিটেল ডেস্ক: প্ৰবল বৰষুণ আৰু বানৰ সংহাৰৰ মাজতে হিমাচল প্ৰদেশত বৃহস্পতিবাৰে সংঘটিত হয় কেইবাটাও ডাৱৰ বিস্ফোৰণৰ ঘটনা। পুৱাৰ ভাগত ৰাজ্যখনৰ কুল্লু, মাণ্ডি আৰু চিমলা জিলাত সংঘটিত ডাৱৰ বিস্ফোৰণত চৰকাৰী তথ্য অনুসৰি ৩ জন লোকৰ মৃত্যু ঘটে। ইফালে এই ভয়ঙ্কৰ প্ৰাকৃতিক দুৰ্যোগত ৫০ জনৰো অধিক লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ১ বজাত চিমলাৰ সমজে খাদ অঞ্চলত ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত এজন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ৮ জন সন্ধানহীন হৈ পৰে।
ইফালে মাণ্ডীৰ পাধৰ মহকুমাৰ থালটুখোডত ডাৱৰ বিস্ফোৰণৰ আন এক ঘটনা সংঘটিত হয়। হিমাচল প্ৰদেশৰ মন্ত্ৰী জগত সিং নেগীৰ মতে,এই প্ৰাকৃতিক দুৰ্যোগৰ পিছত উদ্ধাৰকাৰী দলে দুটা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ১০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।
অন্যহাতে, কুল্লুত পাৰ্বতী উপত্যকাৰ ওপৰৰ মালানা গ্লেনত ডাৱৰ বিস্ফোৰণৰ ফলত মালানা নদীত ক্ষন্তেকীয়া বানৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত মালানা জল প্ৰকল্প, ষ্টেজ-১ আৰু ষ্টেজ-২ৰ ব্যাপক ক্ষতি হয়। যাৰ ফলত মালানা হাইড্ৰ’ প্ৰজেক্ট, ষ্টেজ-১ত ৩৫ জন লোক আবদ্ধ হৈ পৰে। পুৱা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় আৰক্ষীৰ এটা দল ঘ্টনাস্থলীত উপস্থিত হৈ আৱদ্ধ লোকসকলক উদ্ধাৰ কৰে।
আৰক্ষী বিষয়াৰ মতে, দুৰ্যোগত ঘৰ-দুৱাৰৰ লগতে বাট-পথৰ ব্যাপক ক্ষতিসাধন হৈছে। ডাৱৰ বিস্ফোৰনৰ ফলত মানালী-লেহ পথ বন্ধ হৈ পৰাত স্বাভাৱিক জীৱন ব্যহত হৈ পৰে। দুৰ্যোগস্থলীত এন ডি আৰ এফ আৰু আৰক্ষীৰ দল উপস্থিত হৈ নিৰুদ্দিষ্টসকলৰ সন্ধান অব্যাহত ৰাখিছে।