লোকসেৱা আয়োগৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এ পি এছ চিৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাৰ । মানস প্ৰতীম বৰুৱাই কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ চৰকাৰৰ দিনত এ পি এছ চিত ৰাকেশ পাল নামৰ অজগৰ পুহিছিল বুলি মন্তব্য কৰিছে ।
সেইসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছত আছিল । আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ ৰাকেশ পাল নামৰ ‘অজগৰ’টোক গাখীৰ খুৱাই ডাঙৰ কৰা মানুহকেইজনৰ ভিতৰত আপুনিও এজন আছিল নেকি ? কিয়নো ৰাকেশ পাল নামৰ ‘অজগৰ’ জনৰ পোৱালিক যোৱা আঢ়ৈ বছৰে গাখীৰ খুৱাই ডাঙৰ কৰা চৰকাৰখন আপোনাৰ নহয় নেকি ?”
কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীত অভিযুক্তসকলক আপোনাৰ চৰকাৰে সুৰক্ষা দিয়া নাইনে বুলি প্ৰশ্ন কৰি তেওঁ কয়, ”আপোনাৰ চৰকাৰে আঢ়ৈ বছৰে এ পি এছ চি কেলেংকাৰীত অভিযুক্তক সুৰক্ষাহে দিলে । তাৰ পিছত কোনখন মুখেৰে নিকা নিযুক্তিৰ কথা কয় ।
ৰাকেশ পালৰ অন্য এটা সংস্কৰণ হৈছে ভাৰত ভূষণ দেৱচৌধুৰী । ৰাকেশ পালক জে’লত সোমোৱা মানুহজন সৰ্বানন্দ সোণোৱালহে আছিল, এই কথা মুখ্যমন্ত্ৰীয়ে মনত ৰখা উচিত । নিকা নিযুক্তিৰ বৰ বৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে ২০১৩-২০১৪ বৰ্ষৰ অবৈধ নিযুক্তি বাতিল কৰি দেখুৱাওক । প্ৰমাণ কৰি দেখুৱাওক যে আপুনি অজগৰ সাপৰ পোৱালিক গাখীৰ খুওৱা নাই ।”
উল্লেখ্য যে দেওবাৰে এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল কংগ্ৰেছৰ দিনত মন্ত্ৰীৰ অঙহী-বঙহীসকলেহে চৰকাৰী চাকৰি পাইছিল । বিজেপিৰ শাসনকালত দুর্নীতি নোহোৱা হোৱা বুলি দাবী কৰি মুখ্যমন্ত্রী শৰ্মাই কৈছিল যে এ পি এছ চিৰ ফলাফল দিওঁতে কাৰ ঘৰত মিঠাই খাইছিল ? তেওঁলোকৰ দিনত চাকৰি পাবলৈ পঢ়া-শুনা কৰিব নালাগিছিল । তৰুণ গগৈৰ চৰকাৰৰ দিনত ৰাকেশ পাল নামৰ অজগৰ সাপ এডাল ৰাখি থৈছিল ।