অসমীয়া জাতিয়ে ৰতন টাটাক সদায়ে মনত ৰাখিব: হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ  “ৰতন টাটাৰ মহাপ্ৰয়াণ আমাৰ বাবে এটা বহুত ডাঙৰ ক্ষতি । তেখেত এগৰাকী অসমবন্ধু আছিল । বহুদিনৰে পৰা তেখেতৰ অসমৰ লগত নিবিড় সম্পৰ্ক আছিল । অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন কৰাৰে পৰা আমাৰ লগত একেলগে কেঞ্চাৰ হাস্পতালসমূহ স্থাপন কৰা আৰু বহুকেইটা অনুষ্ঠানকে ধৰি অসমৰ বিকাশৰ সৈতে তেখেত অতি নিবিড়ভাৱে জড়িত হৈ আছিল ।” – এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

অসমৰ বাবে বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট উদ্যোগপতি তথা মহান ব্যক্তিত্বৰ অধিকাৰী ৰতন টাটাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রীয়ে কয়,”২০১০ চনৰ পৰা তেখেতক অতি ওচৰৰ পৰা পাইছিলো । প্ৰতিটো কথা-বতৰা আৰু সাক্ষাততে তেখেতে অসমবাসীৰ মনৰ কথাৰ বুজ লৈছিল । অসমৰ কাৰণে তেখেতে কিবা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু সময়-সুবিধা পালেই অসম ভ্ৰমণলৈ আহিছিল । মই অসমবাসী ৰাইজৰ হৈ তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছো আৰু কৃতজ্ঞ অসমীয়া জাতিয়ে ৰতন টাটাক সদায়ে মনত ৰাখিব ।”

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে