নাগালেণ্ডৰ কিছামা নগা ঐতিহ্যপূৰ্ণ গাঁৱত প্ৰতিবছৰে হৰ্ণবিল মহোৎসৱ উদযাপন কৰা হয় ৷ এইবেলিও দেওবাৰৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে হৰ্ণবিল মহোৎসৱ আয়োজন কৰা হৈছে। এই উৎসৱত নগা পৰম্পৰাক দৰ্শনীয় ৰূপত উপস্থাপন কৰা হয় ৷ আন আন বছৰৰ দৰে এইবছৰো দেশী-বিদেশী পৰ্যটকৰে ভৰি পৰিছে কিছামা গাঁও ৷
এই মহোৎসৱত নাগালেণ্ডৰ ১৬ টা প্ৰধান জনগোষ্ঠী আৰু উপ-জনগোষ্ঠীয়ে নিজস্ব লোককৃষ্টি, সংস্কৃতি প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰিছে । দেওবাৰে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশন আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই পৰম্পৰাগত নগাসকলৰ নিজা বাদ্যযন্ত্ৰ বজাই ২৫ সংখ্যক ঐতিহ্যপূৰ্ণ হৰ্ণবিল মহোৎসৱৰ শুভ উদ্বোধন কৰে ।
২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ বাবে উদুলি-মুদূলি পৰিৱেশে বিৰাজ কৰিছে নগা পাহাৰত । নাগালেণ্ডৰ পৰম্পৰাগত সংস্কৃতিৰ সৈতে আধুনিকতাৰ মিশ্ৰণেৰে টাস্ক ফৰ মিউজিক এণ্ড আৰ্টৰ বেনাৰত দেওবাৰে এই মহোৎসৱৰ আৰম্ভণি কৰা হয় ৷ প্ৰথম দিনাই ব্যয়বহুল ৰূপত কাৰ্যসূচীৰ আৰম্ভণি হয় ।
অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ সংগীতানুষ্ঠানে প্ৰথম দিনা আৰু প্ৰথম নিশা হৰ্ণবিল মহোৎসৱক সুকীয়া মাদকতা দিয়ে ৷ কেবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰে তেওঁ ৷ নিশাৰ ভাগত হোৱা এই সংগীতানুষ্ঠান সহস্ৰাধিক লোকে উপভোগ কৰা দেখিবলৈ পোৱা যায় ।
নিশাৰ ভাগলৈ দেশ আৰু বিদেশৰ পৰা অহা বিভিন্ন শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰা পৰিলক্ষিত হয় । দেশ-বিদেশৰ পৰ্যটকৰ মিলনস্থলীত পৰিগণিত হোৱা হৰ্ণবিল মহোৎসৱত জাপান, পেৰু, ৱেলছ, জাৰ্মান, আমেৰিকা, পোলেণ্ড, কলম্বিয়া আদিকে ধৰি বিশ্বৰ বহু সংখ্যক দেশৰে পৰ্যটকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ৷