মাত্ৰ ১৭৫৬ টকা দিলেই বাংলাদেশী হৈ যায় ভাৰতীয়!

ভিছা, পাছপোৰ্টৰ কোনো প্ৰয়োজন নাই। মাত্ৰ ১৭৫৬ টকা ৪৪ পইছা দিয়ক আৰু ভাৰত বাংলাদেশ সীমান্ত পাৰ হওক। শুনি আচৰিত লাগিলেও এয়াই সত্য। বাংলাদেশৰ পৰা এনেকৈয়ে ভাৰতলৈ আহি আছে অবৈধ বাংলাদেশী। কাঁটা তাঁৰ, সীমান্ত আৰক্ষীৰ কোনো সমস্যা নাই! এজেণ্টে পাৰ কৰাই দিয়ে ভাৰত-বাংলা সীমান্ত।

শেহতীয়াকৈ ধুবুৰীত গ্ৰেপ্তাৰ হোৱা এগৰাকী বাংলাদেশী মহিলাই দিছে এই বিস্ফোৰক স্বীকাৰোক্তি। মহিলাগৰাকীৰ স্বীকাৰোক্তিতেই ওলাই পৰিছে ভাৰত বাংলাদেশ সীমান্তৰ সুৰক্ষা ব্যৱস্থাৰ আচল স্বৰূপ। খবৰ অনুসৰি ১৭ গৰাকী বাংলাদেশী নাগৰিকে অবৈধভাৱে ধুবুৰীত প্ৰৱেশ কৰিছে। যোগমায়া ঘাটৰ সমীপৰ পৰা আটক কৰা হৈছে অবৈধভাৱে অসমত প্ৰৱেশ কৰা এগৰাকী মহিলাক।  জেৰাৰ সময়ত মহিলাগৰাকীয়ে আৰক্ষীক দিয়া স্বীকাৰোক্তিয়ে এতিয়া উদঙাই দিছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ

অবৈধভাৱে অসমত প্ৰৱেশকৰা বাংলাদেশী মহিলাগৰাকী
অবৈধভাৱে অসমত প্ৰৱেশকৰা বাংলাদেশী মহিলাগৰাকী

মহিলাগৰাকীৰ স্বীকাৰোক্তি অনুসৰি তেওঁ বাংলাদেশৰ ঢাকাৰ চাদপুৰৰ পৰা ভাৰতলৈ আহিছে। ২টা দালালে মহিলাগৰাকী আৰু তেওঁৰ স্বামীক বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবৰ বাবে সহায় কৰিছিল। এই ২ দালালৰ সহযোগতেই তেওঁলোকে প্ৰৱেশ কৰে ধুবুৰীত। তেওঁলোকক সহায় কৰা ২ দালালৰ এটা অসমৰ আৰু আনটো বাংলাদেশৰ। বাংলাদেশী মূল্যৰ ২৫০০ টাকাৰ বিনিময়ত ২ দালালে অসমত প্ৰৱেশৰ সুবিধা কৰি দিয়ে মহিলাগৰাকী আৰু তেওঁৰ স্বামীক। তেওঁলোকৰ লগতে মুঠ ১৭ টা অবৈধ বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰিছে। এতিয়াও তেওঁলোকৰ সৈতে অবৈধভাৱে অসমত প্ৰৱেশ কৰা আন বাংলাদেশী নাগৰিক কেইটাক ধৰা পেলাবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। পলাতক অবৈধ বাংলাদেশী কেইটাৰ সন্ধানত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

মন কৰিবলগীয়া যে, ভাৰত তথা অসমলৈ বাংলাদেশৰ পৰা ঘটনা অনুপ্ৰৱজনক লৈ দশক দশক ধৰি আন্দোলন, আলোচনা আদি হৈ আহিছে। আনকি ২০১৪ চনৰ পূৰ্বে বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পূৰ্বে অসমলৈ বাংলাদেশৰ পৰা অনুপ্ৰৱেশ ৰোধ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল। অসমলৈ আহি ১৬ মে’ৰ পাছত বাংলাদেশীয়ে তালি-টোপোলা বান্ধিব লাগিব বুলি দিয়া হুংকাৰ আজিও বহুতৰে কাণত বাজি আছে। গৃহমন্ত্ৰী অমিত শ্বাহেও ভাৰত-বাংলা সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এনে অনেক প্ৰতিশ্ৰুতি আজিও পূৰণ নহ’ল। যাৰ বাবে আজিও অসমলৈ বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশ হৈয়েই আছে।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে