আগধন লৈ অনুষ্ঠানত উপস্থিত নোহোৱাত সানিলে ক’লা ৰং

ডিজিটেল ডেস্ক: পুনৰ চৰ্চাত তৃপ্তি ডিমৰী, এইবাৰ পিছে ব’ল্ড লুক বা অভিনয়ক লৈ নহয়। শেহতীয়াকৈ অনুৰাগীৰ ৰোষত পৰিছে তৃপ্তি ডিমৰী। ক্ষুব্ধ অনুৰাগীয়ে তৃপ্তিৰ মুখত সানিলে ক’লা ৰং। জানিব পৰা মতে, তৃপ্তিয়ে জয়পুৰত এক বিশেষ অনুষ্ঠানত উপস্থিত নথকাৰ বাবেই একাংশ মহিলাই তৃপ্তিৰ মুখত সানিলে ক’লা ৰং।

জয়পুৰ ফিকি এফএলঅ’এ (ফেডাৰেচন অফ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী লেডিজ অৰ্গেনাইজেচন)ৰ মহিলা উদ্যোগীসকলে মহিলা সৱলীকৰণ সন্দৰ্ভত জেএলএন মাৰ্গৰ এখন হোটেলত কেইদিনমান পূৰ্বে এক বিশেষ অনুষ্ঠানৰ আয়েজন কৰিছিল।য’ত তেওঁলোকে মুখ্য অতিথি হিচাপে তৃপ্তিক আমন্ত্ৰণ জনাইছিল ইয়াৰ বাবদ তৃপ্তিয়ে মোটা আগধন লৈছিল যদিও অনুষ্ঠানত উপস্থিত নহ’ল।

তৃপ্তিয়ে প্ৰখ্যাত ডিজাইনাৰ মণীষ মলহোত্ৰাৰ এটা ফেশ্চন শ্ব’ত অংশগ্ৰহণ কৰাৰ বাবে জয়পুৰৰ অনুষ্ঠানটো বাতিল কৰে। ইয়াতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি উদ্যোক্তাসকলে তৃপ্তিৰ ফটোত ক’লা ৰং সানি তেওঁৰ মুক্তিৰ অপেক্ষাত থকা ছবি ‘বিকি বিদ্যা কা ৱ’ ৱালা ভিডিঅ’ উপভোগ নকৰিবলৈ সকলোকে আহ্বান জনায়। সম্প্ৰতি ছ’চিয়েল মেডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত উদ্যোক্তাসকলে তৃপ্তিৰ মুখত ক’লা ৰং সনা তথা তেওঁক সকীয়নি দিয়াটো স্পষ্টকৈ দেখা গৈছে।

  • Brahmaputra Times

    Related Posts

    কাৰেন্টৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী আৰু ৰজনীকান্তৰ…

    ডিজিটেল ডেস্কঃ বলিউদৰ চিৰসেউজ অভিনেত্ৰী প্ৰয়াত শ্ৰীদেৱীৰ অনুৰাগীৰ সংখ্যা এতিয়াও কমা নাই। হিন্দী চিনেমাজগতৰ বহু নামী-দামী অভিনেতাৰ সৈতে কাম কৰা শ্ৰীদেৱীৰ প্ৰেমত পৰিছিল এগৰাকী ছুপাৰষ্টাৰ। জানেনে সেই ছুপাৰষ্টাৰগৰাকী কোন? ৰাষ্ট্ৰীয় সংবাদমাধ্যমত…

    নতুন দিল্লীত ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

    ডিজিটেল ডেস্কঃ   ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে দিল্লীৰ বিজ্ঞান ভৱনত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই ৰাষ্ট্ৰীয় বঁটাসমূহ এই বছৰৰ ১৬ আগষ্টত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক