মণিপুৰৰ পাঁচখন জিলাত ৬ দিনৰ মূৰত ইণ্টাৰনেট সেৱা মুকলি

৬ দিনৰ পিছত মণিপুৰ চৰকাৰে ইণ্টাৰনেট সন্দৰ্ভত লৈছে ডাঙৰ সিদ্ধান্ত। উপত্যকা ভিত্তিক পাঁচখন জিলাত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা পুনৰ মুকলি হ’ব। তদুপৰি মঙলবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশো দিছে চৰকাৰে।

উল্লেখ্য যে, ১৬ মাহৰ জাতিগত হিংসাৰ পাছত ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দাবীত ইম্ফলত শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ১০ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে পাঁচখন জিলাত মোবাইল ইণ্টাৰনেট আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰিছিল।

চৰকাৰে দাবী পূৰণ নকৰালৈকে উপত্যকা অঞ্চলৰ বিদ্যালয়সমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কথাও ঘোষণা কৰিছিল প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে।

প্ৰতিবাদৰ পিছতেই চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰা জিলা কেইখন হৈছে ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং।

ৰাজ্যৰ আন ১১খন পাহাৰীয়া জিলাত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাছিল।

  • Brahmaputra Times

    Related Posts

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আমেৰিকাৰ অভিজাত প্ৰতিষ্ঠান ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু আমেৰিকাৰ ন্যায় বিভাগে উদ্যোগপতি আদানীৰ বিৰুদ্ধে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ লগতে বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। গৌতম আদানীৰ লগতে আদানী গ্ৰীণ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    বৃহস্পতিবাৰে দিল্লীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ুমণ্ডলৰ গুণগত সূচকৰ মান (AQI) ৩৭৯ হৈছে।যোৱা কেইবাদিনো ধৰি দিল্লীত AQI ৪৫০ অতিক্ৰম কৰি প্ৰায় ৫০০ ৰ ঘৰ স্পৰ্শ কৰিছিল। মঙ্গলবাৰে প্ৰায় ৫০০ ত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ