অবাধ দুৰ্নীতি-তদাৰকী পক্ষৰ গাফিলতি, জল জীৱন মিছনৰ সকলো আঁচনিৰ কাম বন্ধ ৰখাৰ নিৰ্দেশ

ডিজিটেল ডেস্কঃ  জল জীৱন আঁচনি বন্ধ কৰাৰ নিৰ্দেশনা জাৰি ৰাজ্যৰ জল জীৱন মিছন আঁচনিৰ সঞ্চালক কৈলাশ কাৰ্তিকৰ।ফলস্বৰূপে হঠাতে বন্ধ হ’ল জল জীৱন আঁচনি ৷ সঞ্চালকে জাৰি কৰা নিৰ্দেশ মৰ্মে শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই অভিলাষী আঁচনিখন বন্ধ কৰা হৈছে ৷

জাননীখনত উল্লেখ কৰা হয় যে, নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ নোহোৱা আৰু ঠিকাদাৰে নিৰ্মাণ কৰা সকলো পানী যোগান আঁচনিৰ কামৰ গুণগত মান তৃতীয় পক্ষৰ দ্বাৰা পৰীক্ষণৰ গাফিলতিৰ বাবেই এই কাম বন্ধৰ সিদ্ধান্ত লোৱা হৈছে ৷ জাননীখনত ঠিকাদাৰৰ নিৰ্মাণকাৰ্য তৃতীয় পক্ষৰ দ্বাৰা পৰিদৰ্শন আৰু দুৰ্বল তদাৰকী কথাও স্পষ্টৰূপে কোৱা হৈছে ৷

৩ অক্টোবৰত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ লগত বিভাগীয় মন্ত্রী জয়ন্ত মল্লবৰুৱা, অতিৰিক্ত মুখ্য সচিব, জল জীৱন মিছনৰ পৰিচালন সঞ্চালক আদিৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ সিদ্ধান্ত অনুসৰিয়েই জে এম এমৰ নিৰ্মাণ কাৰ্য চলি থকা সকলো আঁচনিৰ কামেই সাময়িকভাবে বন্ধৰ নিৰ্দেশ দিয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বেচৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ সহস্ৰাধিক ঠিকাদাৰে চৰকাৰৰ পৰা ১৩ হাজাৰ কোটিতকৈয়ো অধিক ধন লাভ কৰিবলগীয়া হৈ আছে। ইতিমধ্যে এই বিষয়টোত উচ্চ ন্যায়ালয়েও ঠিকাদাৰক কিয় ধন দিব পৰা নাই বুলি চৰকাৰক জবাবদিহি কৰিছিল। যাৰ ফলস্বৰূপে জল জীৱন আঁচনিৰ কাম সাময়িকভাৱে বন্ধৰ নিৰ্দেশ দিবলৈ বাধ্য হৈছে চৰকাৰ ।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক