শনিবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি খানিয়াৰ অঞ্চলত তালাচী অভিযান আৰম্ভ কৰে ৷ নিৰাপত্তাৰক্ষীৰ অভিযানৰ সময়ত অঞ্চলটোত এটা আৱাসগৃহত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীটোৱে গুলীচালনা আৰম্ভ কৰে ৷ প্ৰত্য়ুত্তৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে ৷
জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী বিষয়াই বিয়লি জনোৱা মতে, শ্ৰীনগৰত দিনজোৰা এনকাউণ্টাৰৰ অন্ত পৰে আৰু এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৪জন নিৰাপত্তা বাহিনীৰ জোৱান আহত হয় ।
কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শকে নিশ্চিত কৰিছে যে এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুজন আৰক্ষী আৰু দুজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আহত হৈছে । তেওঁ নিহত সন্ত্ৰাসবাদীটোক মষ্ট ৱাণ্টেড পাকিস্তানী সন্ত্ৰাসবাদী অধিনায়ক ওছমান ওৰফে ছোটা ৱালিদ বুলি চিনাক্ত কৰি লগতে কয় যে, “নৱেম্বৰ মাহত তেওঁ পৰিদৰ্শক মাছৰুৰ আহমেদ ৱানীক হত্যাৰ সৈতে জড়িত আছিল ।”