জম্মু কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ…

ডিজিটেল ডেস্কঃ  আজি ঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি জম্মু কাশ্মীৰৰ ৯০ খন আসনৰ ভিতৰত ৪২ খনেই লাভ কৰিলে জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্সে। কংগ্ৰেছে ৬ খন আসন লাভ কৰিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে ২৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

তাৰোপৰি জম্মু-কাশ্মীৰ পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে ৩ খন, জম্মু কাশ্মীৰ পিপল কনফাৰেন্স, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, আম আদমি পাৰ্টিয়ে ১ এখনকৈ আৰু নিৰ্দলীয়ই ৭ খন আসন লাভ কৰিছে।

ইয়াৰ লগতে ঘোষণা হ’ল জম্মু কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। ওমৰ আব্দুল্লাই হ’ব ভূস্বৰ্গৰ মুখ্যমন্ত্ৰী। আজিৰ পৰা কেইটামান মাহৰ আগলৈকে অথচ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈকে সাজু হোৱা নাছিল। কৈছিল পূৰ্ণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী হ’ব নিবিচাৰে।

কিন্তু তাৰ পাছতো আজি ওমৰ আব্দুল্লাই জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ নামেই ঘোষণা কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা।

 

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক