জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । শ্ৰীনাগা-লেহ ৰাষ্ট্ৰীয় ঘাইপথত এটা সুৰংগৰ নিৰ্মাণস্থলীত অচিনাক্ত সন্ত্ৰাসবাদীৰ গুলীচালনাত এগৰাকী চিকিৎসক আৰু ৬ জন শ্ৰমিক নিহত হয় । এই আক্ৰমণ দেওবাৰে সন্ধিয়া সংঘটিত হয় । কাম শেষ কৰি গুণ্ডত শিবিৰলৈ উভতি অহাৰ সময়তে শ্ৰমিকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে ।
প্ৰাথমিক প্ৰতিবেদন অনুসৰি দুই সন্ত্ৰাসবাদীয়ে শ্ৰমিকৰ দলটোক লক্ষ্য কৰি লৈছিল । ফলত ঘটনাস্থলীতে দুজন শ্ৰমিকৰ মৃত্যু হয় । পৰৱৰ্তী সময়ত আন ৪ জন শ্ৰমিক আৰু চিকিৎসকৰ মৃত্যু হয় । নিহতসকলক ডাঃ শ্বাহনৱাজ ফাহিম নাজিৰ, কলিম, মহম্মদ হানিফ, শশী আব্ৰল, অনিল শুক্লা আৰু গুৰমিত সিং বুলি চিনাক্ত কৰা হৈছে ।
এই আক্ৰমণত আন ৫ জন শ্ৰমিকো আহত হয় । নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।