নৃত্যাচাৰ্য যতীন গোস্বামীলৈ ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা

ডিজিটেল ডেস্কঃ  সোমবাৰে অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ বটবৃক্ষ স্বৰূপ মহান শিল্পী, সাহস, অনুপ্ৰেৰণাৰ প্ৰতীক পদ্মশ্ৰী, নৃত্যাচাৰ্য যতীন গোস্বামীক ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা প্ৰদান কৰে।

কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামে কলিয়াবৰৰ হাটবৰ নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে।

সন্মান গ্ৰহণ কৰি ‘বংশধৰ’ৰ কৰ্মকৰ্তা তথা কলিয়াবৰীয়া ৰাইজক ধন্যবাদ জ্ঞাপন কৰি পদ্মশ্ৰী বৰ্ষীয়ান সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীয়ে কয়, “১৯৩৫ চনতেই অসমৰ সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিবলৈ প্ৰচেষ্টা আৰম্ভ কৰা প্ৰথমজন ব্যক্তিয়েই হ’ল কলিয়াবৰৰ শ্ৰীশ্ৰীভলাগুৰি সত্ৰৰ প্ৰয়াত জীৱেশ্বৰ গোস্বামী।

সেয়ে অসমৰ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে জীৱেশ্বৰ গোস্বামী এক নমস্য নাম। বৰগীতৰ ওজাৰূপে প্ৰখ্যাৎ কলিয়াবৰৰে শ্ৰীশ্ৰীশ্ৰৱণী সত্ৰৰ প্ৰয়াত গিৰিকান্ত মহন্তৰ বিষয়ে আমি সকলোৱে জানো। এই দুয়োগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ লীলাভূমি এই কলিয়াবৰ নানাবিধ সত্ৰীয়া সংস্কৃতিৰে অতি চহকী।”

  • Brahmaputra Times

    Related Posts

    অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় মঙলদৈবাসীৰ

    ডিজিটেল ডেস্কঃ  আজি বিজয়া দশমী। অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় দিলে ভক্তগণে। ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতে নদীত বিসৰ্জন দিয়ে দুৰ্গা দেৱীৰ মৃণ্ময় প্ৰতিমা । মহিলাসকলে পৰম্পৰাগতভাৱে খেলিলে সেন্দুৰ । লগে লগে…

    চূণচালিত দুদিনীয়াকৈ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন

    ডিজিটেল ডেস্কঃ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পাছত অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ আনন্দ-উল্লাস । মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি উজান বজাৰ সংযোগী পথৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক