
মুছলপুৰত থকা বিজেপিৰ কাৰ্যালয়ত এক সাংগঠনিক সভাত উপস্থিত থাকি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয় যে, আগন্তুক উপ নিৰ্বাচনত বিজেপিয়ে ৫ টা সমষ্টিৰ ৫ টাতেই জয়ী হ’ব।
তেওঁ কয়, চামগুৰি সমষ্টি ৰকিবুল হুছেইনৰ পুত্ৰৰ হাতলৈ নাযায় বুলি ইতিমধ্যে ইংগিত পোৱা গৈছে। তেওঁলোকৰ কৰ্মকাণ্ডই ইয়াক বুজাই দিছে। ভাষণত তেওঁ ৰজাৰ পুতেক ৰজা হ’ব লাগিব বুলি কোনো কথা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
তেওঁ লগতে অখিল গগৈয়ে গৰ্জন দিলেও বৰ্তমান অসমৰ ৰাজনীতিত অখিল গগৈ আলোচনাৰ বিষয়েই নহয় বুলি মন্তব্য কৰে। ইফালে ২০২৫ ত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
উল্লেখ্য যে বুধবাৰে নিশা প্ৰায় ১০ঃ৩০ বজাত মুছলপুৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত সাংগঠনিক সভাত মন্ত্ৰীগৰাকীক ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে সংগ দিয়ে।