
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি হাইলাকান্দিত এক দলীয় সভাত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়াই মন্ত্ৰী বৰুৱাই।
তেওঁ কয়, ‘অসমৰ ৰাইজক অদক্ষ বুলি অভিহিত কৰি প্ৰিয়াংক খাৰ্গেই অসমক অপমান কৰিছে। কিন্তু আচৰিতভাৱে অসম কংগ্ৰেছে এই কথাৰ সমৰ্থন জনাইছে।‘
তেওঁ লগতে কয় যে অসমৰ কংগ্ৰেছ নেতা সকলৰ শৰীৰত তেজ থাকিলে তেওঁলোকে এতিয়াই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব।
ইপিনে, অসম চুক্তিৰ ৬ নং ধাৰাৰ পৰা বৰাক উপত্যকাক বাহিৰত ৰখা প্ৰসংগত কয় যে বৰাকৰ খিলঞ্জীয়াক বঞ্চিত কৰা হোৱা নাই। যিহেতু বৰাক উপত্যকাৰ ৰাইজৰ প্ৰধান ভাষা বাংলা। আৰু ৬ নং দফাত অসমীয়া ভাষা-ভাষী লোকক প্ৰাধান্য দিয়াৰ কথা কোৱা হৈছে। সেয়ে বৰাকক ইয়াৰ বাহিৰত ৰখা হৈছে।
আনহাতে তেওঁ হাইলাকান্দি জিলাত চলা বিজেপি সদস্যতা অভিযান আশাপ্ৰদ নোহোৱাৰ বাবেই আজি হাইলাকান্দিত ইয়াৰ বুজ ল’বলৈ উপস্থিত হৈছে বুলিও মন্তব্য আগবঢ়ায়।